৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ সম্ভাৱনা

ক্লাইমেক্সতে ৰৈ গৈছে নাটক
মুখ্যমন্ত্ৰীক লৈ তুংগত চৰ্চা
ৰাজস্থান, মধ্যপ্রদেশত কোন হ’ব মুখ্যমন্ত্ৰী?

বিজেপি ক্ষমতালৈ আহিলেও ৰাজস্থান–মধ্যপ্রদেশত মুখ্যমন্ত্ৰী পদত কাক বহুৱাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰাজস্থানত ৪-৫জন শীৰ্ষ আৰু প্রভাৱশালী নেতাৰ নাম উচ্চাৰিত হৈছে।

বসুন্ধৰা ৰাজে, মহন্ত বালকনাথ চৰ্চাত
চি পি যোশী, গজেন্দ্র সিং শেখাৱতো দৌৰত
মুখ্যমন্ত্ৰী হৈ যাব পাৰে দিয়া কুমাৰীও

কেউগৰাকীৰে গণভিত্তি আছে। কিন্তু সিদ্ধান্ত লোৱা জটিলতা আহিছে বিজেপিৰ বাবে। অৱশ্যে শেষ সিদ্ধান্ত ল’ব প্রধানমন্ত্ৰী মোদীয়ে। মহন্ত বালকনাথক লৈ সংসদ ভৱনৰ বাহিৰত কংগ্রেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ টিপ্পনী– এওঁ হৈ আছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী।

একেই জটিলতা মধ্যপ্রদেশৰ ক্ষেত্রতো
মুখ্যমন্ত্ৰীক শিৱৰাজ সিং চৌহানৰ সন্মুখত জ্যোতিৰাদিত্য সিন্ধিয়া
কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্র সিং টোমৰো মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ

এক জটিল অংক। কিদৰে এই অংক প্রধানমন্ত্ৰী মোদীয়ে সমাধা কৰে তাৰ প্রতি লক্ষ্য ৰাখিছে সকলোৱে। অৱশ্যে বিজপিয়ে ক্ষমতা দখল কৰা ছত্তীশগড়ত বিশেষ কোনো সমস্যা নাই মুখ্যমন্ত্ৰী নিৰ্বাচনত। প্রাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙেই মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা। তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী একেলগে ঘোষণা কৰিব বিজেপিয়ে। ৰাজস্থান আৰু মধ্যপ্রদেশৰ নেতা নিৰ্বাচন হ’লেই ছত্তীশগড়ত মুখ্যমন্ত্ৰীও ঘোষণা কৰা হ’ব। ৪৮ ঘণ্টাৰ ভিতৰত তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিজেপিয়ে ঘোষণা কৰাৰ সম্ভাৱনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ...

ভাৰতৰ সৈতে যুদ্ধ কিয় পাকিস্তানৰ বাবে অৰ্থনৈতিক আত্মহত্যা?

পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সংকটৰ মুখামুখি। কোটি কোটি টকাৰ বিদেশী...

ভাৰতীয় সেনাই ১৯৭১ চনত এই পাকিস্তানী অঞ্চলসমূহ দখল কৰিছিল, ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত ঘূৰাই দিছিল…

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও...

পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ...