৪৮ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ সম্ভাৱনা

ক্লাইমেক্সতে ৰৈ গৈছে নাটক
মুখ্যমন্ত্ৰীক লৈ তুংগত চৰ্চা
ৰাজস্থান, মধ্যপ্রদেশত কোন হ’ব মুখ্যমন্ত্ৰী?

বিজেপি ক্ষমতালৈ আহিলেও ৰাজস্থান–মধ্যপ্রদেশত মুখ্যমন্ত্ৰী পদত কাক বহুৱাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ৰাজস্থানত ৪-৫জন শীৰ্ষ আৰু প্রভাৱশালী নেতাৰ নাম উচ্চাৰিত হৈছে।

বসুন্ধৰা ৰাজে, মহন্ত বালকনাথ চৰ্চাত
চি পি যোশী, গজেন্দ্র সিং শেখাৱতো দৌৰত
মুখ্যমন্ত্ৰী হৈ যাব পাৰে দিয়া কুমাৰীও

কেউগৰাকীৰে গণভিত্তি আছে। কিন্তু সিদ্ধান্ত লোৱা জটিলতা আহিছে বিজেপিৰ বাবে। অৱশ্যে শেষ সিদ্ধান্ত ল’ব প্রধানমন্ত্ৰী মোদীয়ে। মহন্ত বালকনাথক লৈ সংসদ ভৱনৰ বাহিৰত কংগ্রেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ টিপ্পনী– এওঁ হৈ আছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী।

একেই জটিলতা মধ্যপ্রদেশৰ ক্ষেত্রতো
মুখ্যমন্ত্ৰীক শিৱৰাজ সিং চৌহানৰ সন্মুখত জ্যোতিৰাদিত্য সিন্ধিয়া
কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্র সিং টোমৰো মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ

এক জটিল অংক। কিদৰে এই অংক প্রধানমন্ত্ৰী মোদীয়ে সমাধা কৰে তাৰ প্রতি লক্ষ্য ৰাখিছে সকলোৱে। অৱশ্যে বিজপিয়ে ক্ষমতা দখল কৰা ছত্তীশগড়ত বিশেষ কোনো সমস্যা নাই মুখ্যমন্ত্ৰী নিৰ্বাচনত। প্রাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙেই মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা। তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী একেলগে ঘোষণা কৰিব বিজেপিয়ে। ৰাজস্থান আৰু মধ্যপ্রদেশৰ নেতা নিৰ্বাচন হ’লেই ছত্তীশগড়ত মুখ্যমন্ত্ৰীও ঘোষণা কৰা হ’ব। ৪৮ ঘণ্টাৰ ভিতৰত তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিজেপিয়ে ঘোষণা কৰাৰ সম্ভাৱনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...