৫ ৰাজ্যৰ নিৰ্বাচনে থানবান কৰিলে নেকি INDIAক?

৫ ৰাজ্যৰ নিৰ্বাচনে থানবান কৰিলে নেকি INDIAক?
INDIAৰ বৈঠক বৰ্জনেৰে কংগ্ৰেছৰ ওপৰত চাপ বৃদ্ধি চেষ্টা মমতা, নীতিশ, অখিলেশৰ
মূৰকত বুধবাৰে আহ্বান কৰা বৈঠক বাতিল কৰিলে কংগ্ৰেছে!

পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছে বুধবাৰে আহ্বান কৰিছিল INDIA মিত্ৰযোটৰ এখন বৈঠক। কিন্তু এই বৈঠকত উপস্থিত থাকিব নোৱাৰো বুলি জনাই দিলে মমতা বেনাৰ্জীয়ে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, সমাজবাদী পাৰ্টীৰ প্ৰমূখ অখিলেশ যাদৱও বৈঠকত উপস্থিত নথকাৰ সম্ভাবনা প্ৰকট হোৱাত বৈঠক অনুষ্ঠিত কৰাৰ জটিলতা সৃষ্টি হয়। এনে অৱস্থাত বুধবাৰৰ বৈঠক বাতিল কৰা হয়। কংগ্ৰেছ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই আহ্বান কৰা বৈঠকখনৰ প্ৰতি মুঠেই আগ্ৰহ নেদেখুৱালে INDIA জোঁটৰ আনসকল সদস্য দলে।

৫ ৰাজ্যৰ নিৰ্বাচনৰ পিছতে INDIAত বৃদ্ধি পাইছে মতভেদ
৩ ৰাজ্যত কংগ্ৰেছৰ বিপৰ্যত মুকলিকৈ ক্ষোভ প্ৰকাশ মমতা, অখিলেশৰ

পাঁচ ৰাজ্যৰ নিৰ্বাচনতে INDIAৰ হৈ নিৰ্বাচনত প্ৰতিন্দ্বিতা কৰাৰ পোষকতা কৰিছিল বিভিন্ন দলে। কিন্তু
মধ্য প্ৰদেশত অখিলেশ যাদবে মাত্ৰ ৬খন আসন বিচাৰিও বিমুখ হয়।

খাৰ্গে–ৰাহুলে ৬খন আসন সমাজবাদীক এৰি দিবও নিবিচাৰিলে

গতিকে কংগ্ৰেছৰ বিপৰ্যয়ে আনি দিয়া সুযোগ অখিলেশ যাদবে এৰি দিয়া নাই। INDIAত যে কংগ্ৰেছক বিগ ব্ৰাডাৰ হিচাপে বা ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মানি নলয় তাৰ ইংগিত স্পষ্ট।

কংগ্ৰেছৰ বিপৰ্যয়ৰ পিছত মমতা, নীতিশৰো ভাগে ভাগে অংক

INDIAত কংগ্ৰেছৰ প্ৰভাৱ বৃদ্ধি পোৱাত দুৰত্ব বজাই চলা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কংগ্ৰেছৰ বিপৰ্যয়ত হয়তু নতুন অংকত ব্যস্ত হৈছে। INDIA গঠনত আগভাগ লোৱা নীতিশ কুমাৰে এতিয়া কি স্থিতি লয় সেয়াও হ’ব লক্ষণীয়।

বিৰোধী জোঁট INDIAত এনে অৱস্থা চলি থাকিলে লোকসভাত কি ফল দেখুৱাব পাৰিব তাতো সন্দেহ আছে। ইয়াৰ মাজতো অৱশ্যে INDIAৰ সহযোগী দলসমূহে বিধানসভাৰ এই ফলাফলৰ প্ৰভাব লোকসভাত নপৰে বুলি আশা কৰিছে। কিন্তু প্ৰশ্ন হৈছে লোকসভা নিৰ্বাচনলৈ কিমান শক্তিশালী হৈ উঠিব বিৰোধী জোঁট INDIA…।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...