ৰাজ্যত কোনে বিচাৰিছে সংঘাতৰ পৰিৱেশ?

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী অসমীয়া পাঞ্জা খেলুৱৈক কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পিছত প্ৰথমে শিৱসাগৰত হিন্দীভাষীৰ বিৰুদ্ধে আন্দোলন। ২১ টা জাতীয় সংগঠন আৰু মন্ত্ৰী ৰনোজ পেগুৰ সন্মুখত শিৱসাগৰবাসীৰ ওচৰত আঁঠু কাঢ়ি ক্ষমাভিক্ষা শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ। তাৰপিছতে আওপকীয়াকৈ মুখ্যমন্ত্ৰীয়ে ক’লে– হিন্দীভাষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাতকৈ প্ৰতিবাদ কৰিব লাগে মিঞাৰ বিৰুদ্ধে।

ধিঙৰ ধৰ্ষণ কাণ্ডই জ্বলা জুইত ঘিঁউ ঢালিলে। মুখ্যমন্ত্ৰীয়ে বিচৰা মতেই আৰম্ভ হ’ল মিঞা বিৰোধী প্ৰতিবাদ। শিৱসাগৰত মিঞাক আঁতৰিবলৈ ৭ দিনৰ সময়সীমা ৩০ সংগঠনৰ। ঘৰে ঘৰে গৈ একাংশ লোকক শিৱসাগৰ এৰি নিজৰ ঠাইলৈ উভতি যাবলৈ সকিয়নী আটাছু, বীৰ লাচিত সেনাকে ধৰি ৩০ সংগঠনৰ নেতৃত্বৰ।

শিৱসাগৰত মিঞা বিৰোধী এই অভিযানৰ পিছতে শৃংখল চলিহাক উভতি ধৰিছে আমছু আৰু সংখ্যালঘূ সংগ্ৰাম পৰিষদে। শনিবাৰে দলগাঁৱত আমছু উপদেষ্টা আইনুদ্দিন আহমেদে ক’লে অপৰাধীৰ মেৰুকৰণ নকৰিব। উজনিত মিঞা নিৰ্যাতিত হ’লে দায়ী হ’ব হেনো শৃংখল চলিহা। দেওবাৰে জুৰীয়াত গৰজি উঠিল সংখ্যালঘূ সংগ্ৰাম পৰিষদ নামৰ সংগঠনটো। আমি মাৰোৱাৰীৰ দৰে ক্ষমা খোজা মানুহ নহয়।

শিৱসাগৰত দেওবাৰে ‘আমছু’ক কটাক্ষ শংখল চলিহাৰ। আমচোৰ নে আমছু- প্ৰথমে সেইটো বুজি লও। অৱশ্যে এটা বিষয় শৃংখলে পুনৰ স্পষ্ট কৰিলে- ৩০ টাকৈ জাতীয় সংগঠনৰ এই সংগ্ৰাম ধৰ্মীয় বিভেদৰ বাবে নহয়। বহিৰাগতৰ পৰা থলগিৰিৰ স্বাৰ্থ সুৰক্ষাৰ সংগ্ৰাম এয়া। ইয়াত হিন্দু-মুছলমানৰ কথা নাই।

শৃংখল চলিহাৰ এনে মন্তব্যত আশ্বস্ত নহয় সংখ্যালঘূ সংগ্ৰাম পৰিষদ। মিঞা বিৰোধী এই আন্দোলনত হাত উজান দিয়া থলুৱা গৰিয়া মুছলমানকো সকিয়নী সংগঠনটোৰ। ৫ টকীয় টুপি পিন্ধি নিজকে খিলঞ্জীয়া বুলি কৈ মিঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে গৰিয়া মুছলমানে। মিঞাৰ ওপৰত হাত তুলিলে পৰিস্থিতি ভয়ংকৰ হ’ব। শৃংখল চলিহাক মদাহী আখ্যা দি সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নেতা মোছাব্বিৰ আলীৰ স্বগতোক্তি- অসমীয়া হিচাপে পৰিচয় দিবলৈ লাজ পাইছোঁ। ‘আজিৰে পৰা অসমীয়াৰ ‘অ’ কাটি মিঞা বুলি পৰিচয় দিম’

এনে উগ্ৰ কথা-বতৰা, ক্ৰিয়া-প্ৰতিক্ৰিয়াই একপ্ৰকাৰ স্পষ্ট কৰিছে সংঘাতৰ উকমুকনিৰ পৰিৱেশ। এফালে মিঞাক বান্ধি দিয়া ৭ দিনৰ সময়সীমাৰ ৩ দিন উকলি গ’ল। ৪ দিন পিছত কি হয় কোনে জানে? আনফালে উজনিত মিঞাক দিয়া সকিয়নীৰ বিৰুদ্ধে মধ্য আৰু নামনি অসমত ৰণহুংকাৰ সংখ্যলঘূ সংগঠনৰ। সংঘাতৰ পৰিৱেশ হ’লে কোন দায়ী হ’ব, কাৰ লাভ হ’ব। আজিৰ তাৰিখত ৰাজ্যত কোনে বিচাৰিছে সংঘাতৰ পৰিৱেশ? কথাবোৰ সময় থাকোতেই বুজি লোৱা ভাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...