বঙাইগাঁও টাউনৰ অ’ল্ড কলনীত চাঞ্চল্যকৰ ঘটনা

বঙাইগাঁও নগৰৰ পুৰণি কলনীত শনিবাৰে নিশা সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। ৰাতুল মেধি নামৰ এই যুৱকজনক নিশা ঘৰৰ সমীপতে ভয়ংকৰ আক্ৰমণ ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলৰ। প্ৰথমে তৰ্ক-বিতৰ্ক আৰু মাৰপিট। তাৰ পিছতে শূণ্যলৈ গুলীয়াই হত্যাৰ ভাবুকি।

পিতৃ আৰু জ্যেষ্ঠ ভাতৃৰ সৈতে ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ প্ৰতিহত কৰাৰ চেষ্টা ৰাতুল মেধিৰ। তেতিয়াই পিষ্টলধাৰী দু্ৰ্বৃত্তৰ দলৰ আক্ৰমণত আহত মেধিৰ পিতৃও। ঘটনাৰ কাৰণ সন্দৰ্ভত সংবাদ মাধ্যমক এই পৰ্যন্ত কোনো কথাই জনোৱা নাই ভুক্তভোগী যুৱকজনে। কিন্তু এক অসমৰ্থিত সূত্ৰ অনুসৰি এগৰাকী যুৱতীক লৈ সৃষ্টি হৈছিল দুইপক্ষৰ সংঘাত। আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটোৰ প্ৰায় আটাইকেইজন যুৱককে চিনাক্ত কৰিছে ৰাতুল মেধিয়ে।

আক্ৰমণৰ ঘটনাৰ পিছতে পলায়নৰ চেষ্টাত দুৰ্ঘটনাগ্ৰস্ত হয় দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা স্ক’ৰ্পিঅ’ বাহনখন। লগে লগেই নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন ৫ যুৱকৰ। কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষীৰ এটা দল। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত স্ক’ৰ্পিঅ’খনৰ পৰা জব্দ কৰে এটা পিষ্টল আৰু ৩ জাঁই সজীৱ গুলী। লগতে উদ্ধাৰ হৈছে দুটা লেপটপ আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী। ঘটনাৰে জড়িতৰ অভিযোগত এজন যুৱকক আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকজন প্ৰসেনজিৎ বেনাৰ্জী। প্ৰসেনজিতেই শূণ্যলৈ গুলীচালনা কৰি ৰাতুল মেধিক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা স্ক’ৰ্পিঅ’খন আছিল ৰনী দাস নামৰ এজন যুৱকৰ নামত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...