মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি থকা এগৰাকী যুৱতী এতিয়া ভাইৰেল

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ যোৱা বহু সাধু-সন্ত হৈছে ভাইৰেল। কিন্তু ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতী। মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি থকা এগৰাকী যুৱতী এতিয়া ভাইৰেল।

পিছে পিছে ঘূৰিছে ইউটিউবাৰ, সাংবাদিক। যেন সকলোকে বিলাই দিব তেওঁৰ সৌন্দৰ্যবোৰ। সঁচাকৈয়ে তেওঁ যেন এগৰাকী অপ্সৰা। কুম্ভমেলাত বোৱাই দিছে এচাটি প্ৰেমৰ বতাহ। তেওঁৰ সৌন্দৰ্যক লৈ চৰ্চা হৈছে ছ’চিয়েল মিডিয়াতো।

কিন্তু প্ৰয়াগৰাজৰ এই অপ্সৰা কোন? নীলাভ দুচকু, লাজুকীয়া হাঁহিৰে হাজাৰজনৰ বুকুত ধুমুহা বলাবলৈ ক’ৰ পৰা আহিছে তেওঁ?

ভুবন ভুলোৱা হাঁহিৰে, নীলাভ দুচকুৰে কুম্ভমেলাত ধুমুহাৰ সৃষ্টি কৰা এই যুৱতীগৰাকীৰ নাম মনালিছা। সঁচাকৈয়ে, বিখ্যত মনালিছা ছবিখনতকৈ যেন কোনো গুণে যেন কম নহয় মনালিছাৰ সৌন্দৰ্য। মনালিছাৰ ঘৰ মধ্যপ্ৰদেশৰ ইন্দোৰত। কুম্ভ মেলাত মণি-মুকুতাৰ মালা বিক্ৰী কৰিবলৈ আহিছিল তেওঁ। কিন্তু কুম্ভমেলালৈ আহি ভাইৰেল হৈ পৰিল মনালিছা। এতিয়া সামাজিক মাধ্যমত খলকনি তুলিছে সুন্দৰী মনালিছাই। মনালিছাৰ ভিডিঅ’ চাইছে কোটি কোটি লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...