মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি থকা এগৰাকী যুৱতী এতিয়া ভাইৰেল

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ যোৱা বহু সাধু-সন্ত হৈছে ভাইৰেল। কিন্তু ইয়াৰ মাজতে ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতী। মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি থকা এগৰাকী যুৱতী এতিয়া ভাইৰেল।

পিছে পিছে ঘূৰিছে ইউটিউবাৰ, সাংবাদিক। যেন সকলোকে বিলাই দিব তেওঁৰ সৌন্দৰ্যবোৰ। সঁচাকৈয়ে তেওঁ যেন এগৰাকী অপ্সৰা। কুম্ভমেলাত বোৱাই দিছে এচাটি প্ৰেমৰ বতাহ। তেওঁৰ সৌন্দৰ্যক লৈ চৰ্চা হৈছে ছ’চিয়েল মিডিয়াতো।

কিন্তু প্ৰয়াগৰাজৰ এই অপ্সৰা কোন? নীলাভ দুচকু, লাজুকীয়া হাঁহিৰে হাজাৰজনৰ বুকুত ধুমুহা বলাবলৈ ক’ৰ পৰা আহিছে তেওঁ?

ভুবন ভুলোৱা হাঁহিৰে, নীলাভ দুচকুৰে কুম্ভমেলাত ধুমুহাৰ সৃষ্টি কৰা এই যুৱতীগৰাকীৰ নাম মনালিছা। সঁচাকৈয়ে, বিখ্যত মনালিছা ছবিখনতকৈ যেন কোনো গুণে যেন কম নহয় মনালিছাৰ সৌন্দৰ্য। মনালিছাৰ ঘৰ মধ্যপ্ৰদেশৰ ইন্দোৰত। কুম্ভ মেলাত মণি-মুকুতাৰ মালা বিক্ৰী কৰিবলৈ আহিছিল তেওঁ। কিন্তু কুম্ভমেলালৈ আহি ভাইৰেল হৈ পৰিল মনালিছা। এতিয়া সামাজিক মাধ্যমত খলকনি তুলিছে সুন্দৰী মনালিছাই। মনালিছাৰ ভিডিঅ’ চাইছে কোটি কোটি লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...