লাভলীনাৰ বিপক্ষে কোন এই বুচেনাজ সুৰমেনেলী?

বুধবাৰে দিনৰ ১১ বজাত কি হ?

দেশবাসীৰ দৃষ্টি নিবদ্ধ লাভলীনা-বুচেনাজৰ যুঁজখনলৈ…

তুৰস্কৰ প্ৰতিদ্বন্দ্বী বুচেনাজ সুৰমেনেলীৰ বিপক্ষে বুধবাৰে বক্সিঙৰ ৰিঙত নামিব লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকৰ ছেমি ফাইনেল মেচখনকলৈ উদ্বিগ্ন দেশবাসী। ইতিমধ্যে, পদক নিশ্চিত হোৱা লাভলীনাই কি ধাতুৰ পদক লাভ কৰিব, ইয়াকলৈ সৰ্বত্ৰে চলিছে চৰ্চা। কিন্তু লাভলীনাৰ বিপক্ষে ৰিঙত নামিবলগীয়া কোন এই বুচেনাজ সুৰমেনেলী? ২৩ বছৰীয়া বুচেনাজ সুৰমেনেলী উত্তৰ-পশ্চিম তুৰ্কীৰ বুৰ্চা প্ৰদেশৰ বাসিন্দা। ১০ বছৰ বয়সৰ পৰাই বক্সিঙৰ সৈতে জড়িত এই খেলুৱৈ গৰাকী। বুচেনাজে ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল, য’ত তেওঁ ফাইনেলত চীনৰ য়াং লিউক ৪-০ ব্যৱধানত পৰাস্ত কৰিছিল। একেটা সংস্কৰণতে, লাভলিনাই ছেমি ফাইনেলত লিউৰ ওচৰত পৰাজিত হোৱাৰ পিছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। একে বছৰত, বুচেনাজে ইউৰোপিয়ান চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক জিকিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত হাংগেৰীত অনুষ্ঠিত হোৱা 64th Bocskai István Memorial International Boxing Tournamentৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। চলিত টকিঅ’ অলিম্পিকত, বুচেনাজে ৫-০ স্ক’ৰলাইনৰ সৈতে দুয়োটা বাউট জিকিছে। বুচেনাজে প্ৰথমখন খেলত, কাৰোলিনা কোচজেৱস্কাক পৰাস্ত কৰিছিল আৰু পৰৱৰ্তী মেচত, আন্না লাইচেঙ্কোৰ বিৰুদ্ধে তিনি ৰাউণ্ডত পৰাজিত কৰিবলৈ এক ব্যৱহাৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। ২০১৫ চনত, বুচেনাজে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানক লগ পাইছিল আৰু তেওঁক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এদিন অলিম্পিকত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিব। ইফালে, অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে লাভলীনা বৰগোঁহাইয়ে ইতিমধ্যে ইতিহাস ৰচিছে। প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। ৩০ জুলাই তাৰিখে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু অলিম্পিকৰ পদক নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ২০০৮ চনত বীজেন্দৰ সিং আৰু ২০১২ চনত মেৰী কমে লাভ কৰিছিল অলিম্পিক বক্সিঙত ব্ৰঞ্জৰ পদক। এইবাৰ লাভলীনাই কি ধাতুৰ মেডেল পিন্ধে, তালৈ লক্ষ্য ৰাখিছে ভাৰতীয় ক্ৰীড়া প্ৰেমীয়ে। ভাৰতীয় বক্সিং দলৰ মুখ্য প্ৰশিক্ষক ৰাফেল বাৰ্গেমস্ক’ৰ মতে লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত গ্ৰহণ কৰা কৌশলেই ছেমিফাইনেলত অৱলম্বন কৰা উচিত। লাভলীনাই নিকট দূৰত্বৰ পৰা নেখেলাই ভাল। মধ্য আৰু দীৰ্ঘ দূৰত্বৰ পৰা কাউন্টাৰ এটেক কৰি কোৱাৰ্টাৰ ফাইনেলত উপকৃত হৈছিল লাভলীনা। সেই একে কৌশলেৰে ছেমিফাইনেলতো খেলাৰ আহ্বান ভাৰতীয় বক্সিং প্ৰশিক্ষক ৰাফেল বাৰ্গেমস্ক’ৰ। ছেমিত লাভলীনাৰ বিজয় কামনাৰে NKTVৰ তৰফৰ পৰা থাকিল অফুৰন্ত শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...