৩ লাখ বিনামূলীয়া ক’ভিড ভেকছিন যোগান ধৰিব ৰিলায়েন্স ফাউণ্ডেচন, MMCয়ে

ৰিলায়েন্স ফাউণ্ডেচনে ইয়াৰ অন্তৰ্গত ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেলৰ জৰিয়তে মুম্বাইৰ ৫০টা স্থানত প্ৰায় তিনি লাখ ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ বৃহত্তৰ মুম্বাই পৌৰ নিগমৰ (এমচিজিএম) সৈতে চুক্তিবদ্ধ হৈছে। সোমবাৰে ৰিলায়েন্স ফাউণ্ডেচনৰ এগৰাকীয়ে বিষয়াই জনোৱা অনুসৰি, ধাৰাৱী, ৱৰ্লি, কোলাবা, ৱাডালা, প্ৰতীক্ষানগৰ, কামাথিপুৰা, মনখুৰ্দ, চেম্বুৰ, গোৱন্দি আৰু ভাণ্ডুপৰ দৰে পিছপৰা অঞ্চলত ছাৰ এইচ এন ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতালৰ (HNRFH) জৰিয়তে ৩ মাহজোৰা এটা অভিযান আৰম্ভ কৰা হ’ব।

এইচ এন আৰ এফ এইচে (Sir H.N. Reliance Foundation Hospital) এই অঞ্চলবোৰত টিকাকৰণৰ বাবে এখন অত্যাধুনিক বাহন মোতায়েন কৰিছে আৰু বি এম চিৰ সৈতে টিকাকৰণৰ বাবে সাজু হৈছে। ভ্ৰাম্যমাণ মেডিকেল ভান আৰু চিকিৎসা গোটৰ জৰিয়তে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ প্ৰাথমিক আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে এয়া HNRFHৰ নিয়মীয়া স্বাস্থ্য প্ৰসাৰৰ পদক্ষেপৰ পৰিপূৰক হ’ব বুলি প্ৰকাশ কৰা হৈছে।

“মানুহক ভাইৰাছৰ পৰা সুৰক্ষিত কৰাৰ বাবে গণ টিকাকৰণ এতিয়া একমাত্ৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। প্ৰতিজন ভাৰতীয়ই যিমান সম্ভৱ সোনকালে টিকাকৰণৰ সুবিধা পোৱাটো নিশ্চিত কৰিবলৈ আমি যিমান পাৰি সকলো কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষা নীতা এম আম্বানীয়ে এক বিবৃতিত এইদৰে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...