পাঞ্জাব আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা কোন এই অমৃতপাল সিং?

খালিস্তানী নেতা তথা ৱাৰিছ পাঞ্জাব ডেৰ মুৰব্বী অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ ৰহস্যৰ এতিয়াও ওৰ পৰা নাই। একাংশৰ মতে পাঞ্জাবত গ্ৰেপ্তাৰ কৰা অমৃতপালক আন ৩ সহযোগীৰ স’তে ডিব্ৰুগড়লৈ অনা হৈছে। কিন্তু আন একাংশই দাবী কৰা মতে অমৃতপালৰ সন্ধানত এতিয়াও অভিযান অব্যাহত ৰাখিছে পাঞ্জাব আৰক্ষীয়ে। কিন্তু কোন এই অমৃতপাল সিং? পাঞ্জাবত কিহৰ স’তে জড়িত অমৃতপাল সিং? আৰক্ষীৰ তথ্য অনুসৰি সম্প্ৰতি ৩০ বছৰীয়া অমৃতপাল সিং এজন বিচ্ছিন্নতাবাদী খালিস্তানী নেতা। যোৱা ৬–৭ মাহৰ পৰা পাঞ্জাব আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে এই অমৃতপাল সিং। খালিস্তান আন্দোলনৰ নেতা ভিন্দ্ৰেনৱালাৰ অনুগামীৰূপে পৰিচিত। ডুবাইত টেক্সিচালকৰূপে কাম কৰা অমৃতপালে কিছুদিনপূৰ্বে ডুবাইৰ পৰা ভাৰতলৈ ঘূৰি আহে। ভাৰতত উপস্থিত হোৱাৰ পিছতে দ্বাদশ শ্ৰেণীলৈকে পঢ়া অমৃতপাল সিঙক ৱাৰিছ পাঞ্জাব ডে নামৰ সংগঠনটোৰ মুৰব্বীৰূপে নিযুক্ত কৰা হয়। ইয়াৰ পিছতে ব্ৰিটেইনস্থিত প্ৰবাসী ভাৰতীয় কিৰণদ্বীপ কৌৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় অমৃতপাল। সংগঠনটোৰ হকে কাম–কাজ আৰম্ভ কৰাৰ পিছতে আৰক্ষীৰ ৰোষত পৰা অমৃতপাল সিঙৰ বিৰুদ্ধে পাঞ্জাব আৰক্ষীয়ে ৰুজু কৰে ৩টাকৈ গোচৰ। এই গোচৰৰ দুটা হৈছে– ঘৃণাসূচক ভাষণেৰে জনতাক বিপথে পৰিচালিত কৰা আৰু আনটো অপহৰণসম্পৰ্কীয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে মন্তব্য কৰিও চৰ্চিত হয় বিচ্ছিন্নতাবাদী নেতাজন। অমিত শ্বাহৰ পৰিণতিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দৰেই হ’ব বুলি মন্তব্য কৰাৰ পিছতে অমৃতপালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। যোৱা ফেব্ৰুৱাৰীত অমৃতপালৰ একাংশ সমৰ্থকে তৰোৱাল আৰু অস্ত্ৰ–শস্ত্ৰ লৈ আন্জালা আৰক্ষী চকীত আক্ৰমণ চলাই অপহৰণত অভিযুক্ত লাভপ্ৰীত সিঙৰ মুক্তিৰ দাবী জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...