PBKS-MIৰ মেচখন বৰষুণৰ বাবে বাতিল হ’লে কোনটো দলে পাব ফাইনেল?

দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’ব আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ মেচ। পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে। এই দুটা দলৰ ভিতৰত যিটো দল জয়ী হ’ব, সেই দলটোৱেই ফাইনেলত প্ৰৱেশ কৰিব। এই গুৰুত্বপূৰ্ণ খেলখনত বৰষুণৰ সম্ভাৱনা আছে নেকি? যদি খেলখন বৰষুণৰ বাবে বাতিল হয়, তেন্তে কোনটো দলে পাব ফাইনেল?

বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি, খেলৰ মাজত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তথাপি খেলখন সম্পূৰ্ণৰূপে নোহোৱাকৈ থাকিবলৈ তেনে পৰ্যায়ৰ বৰষুণৰ সম্ভাৱনা নাই। কিছু সময়ৰ বাবে বৰষুণ হ’ব পাৰে, তাৰ পিছত পুনৰ খেল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে পঞ্জাবৰ প্ৰস্তুতিৰ সময়তো বৰষুণ হৈছিল। কিছু সময় অপেক্ষাৰ পিছত পঞ্জাবৰ খেলুৱৈসকলে অনুশীলন কৰিছিল।

খেলৰ দিনা সন্ধিয়া সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ থাকিব। ৰাতিৰ ফালে বৰষুণ হ’ব পাৰে। তথাপি দুই দলৰ কোনো সমস্যা নহয়। প্লে-অফৰ নতুন নিয়ম অনুসৰি, সম্পূৰ্ণ খেলখন সম্পন্ন কৰাৰ বাবে ৬০ মিনিটৰ সলনি ১২০ মিনিট অপেক্ষা কৰা হ’ব।

যদি খেলখন আৰম্ভ কৰিব নোৱাৰি, তেন্তে আইপিএলৰ নিয়ম অনুসৰি ফাইনেলত প্ৰৱেশ কৰিব পঞ্জাবে। এনে পৰিস্থিতিত পইণ্ট তালিকাত ওপৰত থকা দলটোৱেই ফাইনেললৈ যাব। সেই হিচাপত ১৯ পইণ্টৰ সুবাদত পঞ্জাবে ফাইনেল খেলিব পাৰিব আৰু পাঁচবাৰৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছৰ আইপিএল ২০২৫ৰ যাত্ৰা ইমানতে অন্ত পৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...