ৰাজ্যত জেঠমহীয়া বানৰ সংহাৰ

ৰাজ্যত জেঠমহীয়া বানৰ সংহাৰ

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নৈসমূহৰ জলস্তৰ

ঠায়ে ঠায়ে বাঢ়নী পানীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল। ভিন্ন স্থানত পানীৰ তলত ঘৰ–দুৱাৰ, বিদ্যালয়। ধেমাজি, লখিমপুৰ, তিনিচুকীয়াত অবৰ্ণনীয় পৰিস্থিতি। কপিলী আৰু বৰা নৈৰ বাঢ়নী পানীয়ে বুৰাইছে হোজাই, কামপুৰৰ বিস্তীৰ্ণ অঞ্চল।

নেৰানেপেৰা বৰষুণৰ ফলত বন্ধ হৈ পৰিছে ডিমা হাছাওলৈ যাতায়াত। ছয়গাঁও, বোকাখাততো পথৰ ওপৰেৰে বাগৰিছে পানী। ৰাজ্যত আগন্তুক কেইবাদিনলৈ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক অৱনতি হোৱাৰ সম্ভাৱনা।

ডিব্ৰুগড়ত বিপদসীমাৰ ওপৰেৰে বৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। মাজুলীৰ কমলাবাৰী ফেৰী ঘাট অনিৰ্দিষ্টকাললৈ বন্ধ। গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজতো বন্ধ ফেৰী সেৱা।

বৰাকতো বানৰ সংহাৰী ৰূপ বিধ্বস্ত বাট–পথ, পানীৰ তলত ৰে’লপথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...