চাৰিধাম যাত্ৰাৰ প্ৰথম মাহত ৭৩গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু! কাৰণ কি, উত্তৰাখণ্ড প্ৰশাসনে কি কয়?

চাৰিধাম যাত্ৰাৰ প্ৰথম মাহতেই ৭৩গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে বুলি জানিবলৈ দিছে উত্তৰাখণ্ড চৰকাৰে। বিগত ৩০ এপ্ৰিলৰ পৰা চাৰিধাম যাত্ৰা আৰম্ভ হৈছিল। সেইদিনা গঙ্গোত্ৰী আৰু যমুনোত্ৰী তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। ২ মে’ত কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হৈছিল আৰু ৪ মে’ত বদ্ৰীনাথ ধাম খুলি দিয়া হৈছিল। এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত ৭৩ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। তথাপি বিগত বছৰৰ তুলনাত এই সংখ্যা কম।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে, কেদাৰনাথলৈ যোৱাৰ পথত ৩০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। বদ্ৰীনাথৰ পথত ১৫ গৰাকীৰ, যমুনোত্ৰীত ১২ গৰাকীৰ আৰু গঙ্গোত্ৰী যাত্ৰাৰ পথত ৮ গৰাকীৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, বিগত বছৰৰ চাৰিধাম যাত্ৰাত ছমাহত ২৪৬ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। তেওঁলোকৰ বেছিভাগৰ মৃত্যু স্বাস্থ্য সম্পৰ্কীয় জটিলতাৰ বাবে হৈছিল আৰু কিছু তীৰ্থযাত্ৰী দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল। প্ৰশাসনৰ সূত্ৰ মতে, মৃত তীৰ্থযাত্ৰীসকলৰ বেছিভাগ মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিমবঙ্গ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু হাৰিয়ানাৰ। মৃত্যুমুখত পৰাসকলৰ বয়স ৪৫ৰ পৰা ৬৫ বছৰৰ ভিতৰত।

প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে, এই বছৰৰ চাৰিধাম যাত্ৰাত এতিয়ালৈকে যিমান তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে, তেওঁলোকৰ বেছিভাগৰ মৃত্যু স্বাস্থ্য সম্পৰ্কীয় কাৰণত হৈছে। আন কিছু লোক দুৰ্ঘটনাতো মৃত্যুমুখত পৰিছে। ৰাজ্যৰ স্বাস্থ্য সচিব আৰ ৰাজেশ কুমাৰে কৈছে, “বহু সংখ্যক তীৰ্থযাত্ৰীক চিকিৎসা শিৱিৰলৈ মৃত অৱস্থাতে অনা হৈছিল। তথাপি বিগত বছৰৰ তুলনাত এই বছৰ মৃত্যুৰ সংখ্যা কম।” স্বাস্থ্য সচিবে আৰু জনাইছে যে যাত্ৰা আৰম্ভৰ প্ৰথম মাহত ৪ লাখ ৩০ হাজাৰ তীৰ্থযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। সমগ্ৰ যাত্ৰাপথত চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। ৬৯ গৰাকী চিকিৎসক, ১২১ গৰাকী নাৰ্ছ, ২৬ গৰাকী ফাৰ্মাচিষ্ট, ৩০৯খন অক্সিজেন-সজ্জিত শয্যা, ৬খন আইচিইউ শয্যা, এম্বুলেন্স আৰু ব্লাডবেংকৰ ব্যৱস্থাও ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...