‘লেডী সিংহম’ ছাকিনাই গুলীয়াই হত্যা কৰিলে শিশু ধৰ্ষণৰ অভিযুক্তক

আৰক্ষীৰ মহলত তেওঁ ‘লেডী সিংহম’ হিচাপে পৰিচিত! শিশু ধৰ্ষণৰ অভিযুক্তক গুলী কৰা উপ-পৰিদৰ্শক ছাকিনা দুই কন্যাৰ মাতৃ।

লক্ষ্মৌৰ মদেয়গঞ্জ এলেকাত শিশু ধৰ্ষণৰ অভিযুক্ত এটা লুকাই আছে বুলি খবৰ লাভ কৰিছিল ছাকিনাই। তেওঁ অধিক সময় অপেক্ষা নকৰি আৰক্ষী দল এটাৰ সৈতে অভিযুক্তক ধৰিবলৈ ৰাওনা হৈছিল আত্মগোপন কৰা স্থানলৈ। অভিযুক্তক চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছিল। বিপদত পৰি অভিযুক্তজনে আৰক্ষীৰ ফালে গুলী চলাবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলী চলাইছিল। শিশু ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক ‘এনকাউন্টাৰ’ৰ জৰিয়তে ধৰাৰ পিছৰে পৰা উপ-পৰিদৰ্শক ছাকিনা খান আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁৰ এই কাৰ্যৰ বাবে দেশবাসীয়ে প্ৰশংসা কৰিছে।

‘ৱান ইণ্ডিয়া’ক দিয়া এক সাক্ষাৎকাৰত ছাকিনাই এই অভিযানৰ বিশদ বিৱৰণ দাঙি ধৰিছে। তেওঁ কৈছিল, “আৰক্ষীক দেখিয়েই অভিযুক্তজনে গুলী চলাইছিল। আমিও গুলীৰে প্ৰত্যুত্তৰ দিছিলোঁ। তেওঁ পলাবলৈ চেষ্টা কৰিছিল।” তেওঁ আৰু কয়, “তেওঁ সন্মুখৰ পৰা গুলী চলাইছিল, কিন্তু মই ভয় নাখাইছিলোঁ। কাৰণ, মই নিজেও দুই সন্তানৰ মাতৃ। এই কথাই মোক অভিযুক্তক ধৰাৰ বাবে অধিক প্ৰেৰণা যোগাইছিল। তেওঁ আমাৰ ফালে গুলী চলাওঁতেই মই তেওঁৰ ভৰিত গুলী চলাইছিলোঁ।”

লক্ষ্মৌৰ আৰক্ষীৰ মহলত ছাকিনা ‘লেডী সিংহম’ নামেৰে পৰিচিত তেওঁ। তেওঁ বলৰামপুৰ জিলাৰ উতৰৌলাৰ বাসিন্দা। সাক্ষাৎকাৰত ছাকিনাই জনাইছে যে, তেওঁৰ পিতৃ, শহুৰো উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত আছিল। ৩৯ বছৰীয়া ছাকিনাই ২০১৯ চনত আৰক্ষীৰ চাকৰিত যোগদান কৰিছিল। বৰ্তমান তেওঁ লক্ষ্মৌৰ মদেয়গঞ্জ থানাত কৰ্মৰত। ২০১১ চনত এটা দুৰ্ঘটনাত তেওঁৰ স্বামী বাবৰ আখতাৰ খানৰ মৃত্যু হৈছিল। তেওঁৱো আৰক্ষীৰ কৰ্মী আছিল। তেওঁৰ দুই কন্যা সন্তান আছে, দুয়োগৰাকীয়ে কলেজত পঢ়ি আছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে মদেয়গঞ্জৰ শিশু ধৰ্ষণৰ ঘটনাৰ তদন্তকাৰী বিষয়া হৈছে ছাকিনা। তেওঁ নিৰ্যাতিতাৰ কাউন্সেলিঙো কৰাইছে। সহকৰ্মীৰ মাজত তেওঁ অত্যন্ত সাহসী আৰু নিৰ্ভীক হিচাপে পৰিচিত। বিগত ২৮ মে’ত মদেয়গঞ্জত এগৰাকী শিশুৰ ওপৰত ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছিল। সেই ঘটনাৰ অভিযুক্তক ‘এনকাউন্টাৰ’ৰ জৰিয়তে ধৰাৰ পিছৰে পৰা ছাকিনাক লৈ দেশজুৰি চৰ্চা আৰম্ভ হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...