ৰাজ্যত কেতিয়া হ’ব পঞ্চায়ত নিৰ্বাচন?

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ প্ৰাৰ্থী বাছনিক লৈ তৎপৰতা আৰম্ভ শাসক–বিৰোধীৰ। প্ৰতিটো দলেই পৃথকে পৃথকে এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলাৰ সম্ভাৱনা। বিজেপি মিত্ৰজোঁটৰ মাজতো ৰাজ্যিক ভিত্তিত নাথাকিব মিত্ৰতা। অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কুছকাৱাজ কংগ্ৰেছ দলৰো। পঞ্চায়ত নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব কিমান টকা? প্ৰাৰ্থীৰ ব্যয় সন্দৰ্ভত বিশেষ নিৰ্দেশনা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ১০ লাখ টকা। আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ২.৫ লাখ টকা। গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাথীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক ২৫ হাজাৰ টকা। গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীসকলৰ বাবে নাথাকিব কোনো ৰাজনৈতিক প্ৰতীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...