চৌদিশে আতংক, ভয়ংকৰ ভূমিকম্পত নিহত এজন

প্ৰশান্ত মহাসাগৰীয় দ্বীপ ভানুৱাতুত প্ৰৱল ভূমিকম্প। ৭.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিত ধ্বংসযজ্ঞ। ভাঙি পৰিল ৰাজধানী প’ৰ্ট ভিলাৰ কেইবাটাও অট্টালিকা। ভূমিকম্পৰ ফলত নিহত এজন, আহত আন কেইবাজনো লোক। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইফেট উপকূলৰ পৰা ৩০ কিঃমিঃ নিগলত। ভূপৃষ্ঠৰ পৰা ৫৭ কিঃমিঃ গভীৰতাত সৃষ্টি হৈছিল ভূমিকল্পৰ। ভূমিকম্পত ক্ষতিগ্ৰস্ত আমেৰিকা, ফ্ৰান্সৰ দূতাবাসো। সম্পূৰ্ণৰূপে ভাঙি পৰে প’ৰ্ট ভিলাৰ কেইবাটাও আবাসিক অট্টালিকা। ক্ষতিগ্ৰস্ত হয় বহু ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহন। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰে ৰাজধানী চহৰখনৰ বহু পথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...