আত্মসন্তুষ্টি লাভৰ বাবেই ককা-আইতাই দান কৰিলে চকুজুৰি

মানুহৰ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে কি কৰিব নোৱাৰে। কিছুমান বিশেষ লোকৰ কিছুমান বিশেষ কামে চুই যাই সকলোৰে মন। তেনে কিছুলোকৰ বিশেষ কামক লৈ আজি আমি আপোনালোকৰ বাবে আগবঢ়াইছো এখন বৃদ্ধাশ্ৰমৰ এটা ভাল লগা কাহিনী। যি কাম সাধাৰণ লোকে কৰিব নোৱাৰে সেই কাম কৰি দেখুৱালে নিৰিবিলি বৃদ্ধাবাসৰ ককা আইতা সকলে। নেত্ৰ দান হৈছে মহান দান। এই মহান দান কৰিলে মঙলদৈ নিৰিবিলি বৃদ্ধা বাসৰ ককা-আইতাই। বৃদ্ধাশ্ৰমখনৰ ২৯ গৰাকী লোকে দান কৰিলে চকু।

জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমত থাকি নিৰিবিলি বৃদ্ধাবাসৰ ২৯গৰাকী ককা-আইতাই কৰিলে মহান কাম। নিজৰ চকুজুৰি দান কৰি আত্মসন্তুষ্টি লাভ কৰিলে এইসকল ককা-আইতাই। মঙলদৈ চপাইত আছে ককা আইতা সকলৰ বাবে এইখন বৃদ্ধাশ্ৰম। যিখন বৃদ্ধাশ্ৰমত বাস কৰে ৩০ গৰাকীকৈ বৃদ্ধ লোকে। ঘৰুৱা অশান্তি, আৰ্থিক অনাটন, গৃহহীন বা অন্য কিছু সমস্যাৰে জৰ্জৰিত এইসকল বৃদ্ধ ককা আইতাই নিৰিবিলি বৃদ্ধাবাসত আহি জীৱনৰ বিয়লি বেলাত লাভ কৰিছে কিছু শান্তি। ইয়াৰে ২৯ গৰাকী ককা আইতাই দৃষ্টিহীন লোকৰ বাবে আগবঢ়ালে নিজৰ চকুজুৰি। সমাজৰ বাবে কিবা এটা কৰি যোৱাৰ চিন্তা কৰিয়েই এই মহান কাম হাতত লৈছে এই সকল ককা আইতাই। চকুদান কৰি এজন ককাই ক’লে। আমাৰ চকুজুৰি বাবে যদি অন্য দৃষ্টিহীন এজন লোকে পৃথিৱীখন দেখে ইয়াতকৈও সুখৰ কথা কি হব পাৰে।

জীৱনৰ বিয়লি বেলাত বৃদ্ধাশ্ৰমত থাকি এই সকল ককা-আইতাই যি মহান কাম কৰিলে এই কামক লৈ সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে। সমাজত এতিয়াও ভাল মানুহ আছে বাবেই সমাজখন ইমান সুন্দৰ। ককা-আইতা সকলৰ এই অৱদান সমাজৰ বাবে এক দৃষ্টান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...