৪০০ পাৰ কৰিলে কি কি কৰিব মোদী চৰকাৰে?

বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসমৰ অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডৰ ৰাছীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰি অনুসৰি অসমত বৰ্তমান আছে ১ কোটি ২৫ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী। ৪০জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী বিধানসভাৰ সদস্য হৈছে অসমত। আনকি বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমত বিধান সভাৰ অধ্যক্ষৰ পদ দখল কৰা বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

বহিঃৰাজ্যত উগ্ৰ হিন্দুত্ববাদীৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
৪০০ পাৰ কৰিলে কি কি কৰিব মোদী চৰকাৰে?
হিন্দু ভোটাৰক আকৰ্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
জ্ঞানব্যাপী, কৃষ্ণ মন্দিৰ নিৰ্মাণৰ বাবে বিজেপিক লাগে ৪০০
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাক লৈ মন্তব্য নিদিলে অমিত শ্বাহে
শ্বাহৰ মতে – ন্যায়ালয়ৰ বিষয়ৰ ওপৰত মন্তব্য দিয়া উচিত নহয়

শেহতীয়াকৈ বহিঃৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেইবাখনো ৰাজ্যত নিতৌ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰীজনে। বিভিন্ন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিজেপিক ৪০০ আসন দিবলৈ ভোটাৰ ৰাইজক জনাইছে আহ্বান। কিন্তু কিয় বিজেপিক লাগে ৪০০ আসন? এই সন্দৰ্ভতো বিভিন্ন ৰাজ্যত প্ৰচাৰ চলাবলৈ গৈ ভোটাৰ ৰাইজৰ সন্মুখত বাখ্যা কৰিছে মুখ্যমন্ত্ৰীজনে। বিশেষকৈ বিভিন্ন ৰাজ্যৰ হিন্দু ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত উচ্চাৰিত হৈছে জ্ঞানব্যাপী, কৃষ্ণ মন্দিৰৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ মতে বিজেপিয়ে ৪০০ আসন পালে নিৰ্মাণ হ’ব জ্ঞানব্যাপী, কৃষ্ণ মন্দিৰ। বুধবাৰে ঝাৰখণ্ডৰ ৰাছীত এক সংবাদমেল সম্বোধন কৰি পুনৰ এই কথা দোহাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লক্ষ্যণীয়ভাৱে জ্ঞানব্যাপী আৰু কৃষ্ণ মন্দিৰ নিৰ্মাণ প্ৰসংগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিঃৰাজ্যত নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত গৃহমন্ত্ৰী অমিত শ্বাহক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ মাথোঁ ক’লে– জ্ঞানব্যাপী, কৃষ্ণ মন্দিৰ ন্যায়ালয়ৰ বিবেচনাধীন বিষয়।

ন্যায়ালয়ৰ বিষয়ৰ ওপৰত মন্তব্য দিয়া উচিত নহয়

ইপিনে বিভিন্ন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য দেশত সংবিধান সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিবলৈ বিজেপিক লাগে ৪০০ আসন।

৪০০ আসন পালে বিজেপিয়ে দেশত বলৱৎ কৰিব UCC
POK ভাৰতৰ অধীনলৈ ঘূৰাই আনিবলৈ বিজেপিক লাগে ৪০০
বিজেপিয়ে ৪০০ আসন পালে দেশত বন্ধ হ’ব মুছলমানৰ সংৰক্ষণ ব্যৱস্থা

ৰাছীত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দাবী, বিজেপিয়ে ৪০০ পাৰ কৰিলে অধিক শক্তিশালী হ’ব। সমগ্ৰ দেশতে এতিয়া হিন্দুসকলৰ বাবে তীব্ৰ প্ৰত্যাহ্বান আহি পৰা বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে- অসমত ৪০জনকৈ বিধায়ক আছিল বাংলাদেশী অনুপ্ৰৱেশকাৰী। বালাংদেশী অনুপ্ৰৱেশকাৰী অসমত হৈছিল বিধান সভাৰ অধ্যক্ষও। অসমত বহু দণ্ডাদীশ, চৰকাৰী বিষয়া আছে বাংলাদেশী অনুপ্ৰৱেশকাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য দেশত এতিয়া জাগিছে হিন্দু, হিন্দুক ৰাখিব লাগিব গৰম কৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...