ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ

‘হিন্দু সমাজক ন্যায় দিলে CAAই’
ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীয়ে

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মাজতে মুখ্যমন্ত্ৰীৰ মুখত পুনৰ CAAৰ প্ৰসংগ। ওড়িষাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক’লে নাগৰিকত্ব সংশোধনী আইনে হিন্দু সমাজক ন্যায় দিব। নাগৰিকত্ব সংশোধনী আইনৰ বাবে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে।

‘হিন্দু সমাজক ন্যায় দিলে CAAই’
ওড়িষাৰ ভূমিৰ পৰা উদাত্ত কণ্ঠেৰে মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীয়ে

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ সময়তেই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰংগ আহিছে পুনৰ চৰ্চাত।এইবাৰ এই প্ৰসংগ উত্থাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ওড়িষাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে হিন্দু সমাজৰ বাবে ই এক ভাল খবৰ বুলি অভিহিত কৰে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে হিন্দু সমাজক ন্যায় দিলে বুলিও মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে দাবী কৰিলে নৰেন্দ্ৰ মোদী নিজৰ সকলো প্ৰতিশ্ৰুতি পালন কৰি আহিছে আৰু CAAৰ মাধ্যমেৰে নাগৰিকত্ব লাভ কৰা বিষয়টো মোদী চৰকাৰৰ প্ৰতিশ্ৰুতি পালনৰ অন্যতম উদাহৰণ। হিন্দু সমাজৰ বাবে মোদীয়ে কৰা কামৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে ধন্যবাদ।

সমগ্ৰ দেশতেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড০ শৰ্মাই ওড়িষাৰ সভাতো কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰে।পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতলৈ ওভতাই অনাৰ দাবী কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আহিলে POKক পাকিস্তানৰ পৰা মুক্ত কৰা হ’ব বুলি দাবী অসমৰ মুখ্যমন্ত্ৰীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...