বৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰী

ভাৰতীয় ফুটবলৰ এটা যুগৰ হ’ব অৱসান
বৰ্ণাঢ্য ফুটবল কেৰিয়াৰ সামৰিবলৈ সাজু হৈছে সুনীল ছেত্ৰী
কলকাতাত ৬ জুনত ভাৰতৰ হৈ অন্তিম খেল খেলিব ছেত্ৰীয়ে
বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে সেইদিনা কুৱেইটৰ বিৰুদ্ধে খেলিব ভাৰতে

ভাৰতীয় ফুটবলৰ এক বৰ্ণিল ইতিহাসৰ অন্ত পৰাৰ উপক্ৰম হৈছে। দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ অধিনায়ক হৈ থকা সুনীল ছেত্ৰীয়ে অহা ৬ জুনত কলকাতাৰ যুৱভাৰতী ষ্টেডিয়ামত অন্তিমবাৰৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধিব ভাৰতৰ এই অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে। বৃহস্পতিবাৰে পুৱা এটা ভিডিঅ’ বাৰ্তাযোগে তেওঁ অৱসৰ লোৱাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে।

২০০৫ৰ ১২ জুনত ভাৰতৰ হৈ প্ৰথম খেল খেলিছিল ছেত্ৰীয়ে
পাকিস্তানৰ বিৰুদ্ধে খেলা অভিষেক খেলতেই গ’ল কৰিছিল সুনীলে

আৰম্ভণিৰ সেই দমনীয় প্ৰদৰ্শন বিগত প্ৰায় দুটা দশক ধৰি অন্ত নপৰিল। ইয়াৰ পিছৰ পৰাই আন্তৰ্জাতিক কেৰিয়াৰৰ প্ৰায় প্ৰতিখন খেলত উজ্বলি উঠিছিল সুনীল ছেত্ৰী। বাইচুং ভূটীয়াৰ অৱসৰৰ পিছত ভাৰতীয় ফুটবলৰ অন্যতম ষ্ট্ৰাইকাৰ হৈ পৰে সুনীল ছেত্ৰী। নিজস্ব প্ৰতিভা আৰু দক্ষতাৰ বলত ডেৰ দশকৰো অধিক কাল ধৰি আন্তৰ্জাতিক ফুটবলত জিলিকি থাকে খেলুৱৈজন।

১৫০খন আন্তৰ্জাতিক খেলত সুনীলৰ গ’লৰ সংখ্যা হৈছে ৯৪টা
আন্তৰ্জাতিক গ’লদাতাৰ ক্ষেত্ৰত ৰনাল্ডো, মেছিৰ পিছতে তেওঁৰ স্থান
ক্লাৱ আৰু আন্তৰ্জাতিক খেল মিলি সুনীলৰ গ’ল সংখ্যা হৈছে ২৫২টা
গ’লদাতাৰ অভিলেখেৰে ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত সুনীল

বয়স ৩৮ বছৰ হ’ল যদিও আন্তৰ্জাতিক ফুটবলৰ লগতে দেশৰ ফুটবল পথাৰত জিলিকি আছিল ভাৰতৰ অন্যতম শ্ৰেষ্ঠ এই খেলুৱৈজন। বৃহস্পতিবাৰে পুৱা সুনীলে অৱসৰৰ সিদ্ধান্ত পোনতে জনায় AIFFৰ সভাপতি কল্যাণ চৌবেক।

অৱসৰৰ মুহূৰ্তত বিশেষ সম্বৰ্ধনা ল’বলৈ ৰাজী নহ’ল সুনীল ছেত্ৰী
‘সম্বৰ্ধনাৰ পৰিৱৰ্তে কুৱেইটৰ বিৰুদ্ধে খেলখনত জয়েই হ’ব মোৰ বাবে চৰম প্ৰাপ্তি’
সুনীলৰ অৱসৰক লৈ বিৰাট কোহলিসহ বহু খেলুৱৈৰ প্ৰতিক্ৰিয়া
কোহলিয়ে ক’লে–‘মোৰ ভাই, তোমাক লৈ মই গৌৰৱান্বিত’

AIFFৰ সভাপতি কল্যান চৌবেক জনোৱাৰ পিছত সেই কথা ৰাজহুৱা কৰে সুনীলে। সুনীলৰ অৱসৰত ভাৰতীয় ফুটবলত যে এক শূণ্যতা আহিব সেয়া নিশ্চিত। বাইচুং ভূটীয়াৰ স্থান সুনীল ছেত্ৰীয়ে পূৰণ কৰিছিল যদিও সুনীলৰ সমকক্ষ খেলুৱৈ বৰ্তমান টীম ইণ্ডিয়াত নাই।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...