প্রাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

Date:

- Advertisement -
- Advertisement -

ৰাজ্যৰ শিক্ষা আৰু ৰাজহ বিভাগৰ প্ৰাক্তন মন্ত্রী তথা বিশিষ্ট ৰাজনীতিক থানেশ্বৰ বড়োৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে থানেশ্বৰ বড়োৱে ৰাজ্যৰ শিক্ষাখণ্ডৰ বিকাশ সাধনৰ বাবে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ছোৱাত বিভিন্ন গুৰুত্বপূর্ণ প্রচেষ্টা হাতত লৈছিল। মুখ্যমন্ত্রীয়ে কয় যে, অতি বিনয়ী তথা নম্র স্বভাৱৰ গুণৰ বাবে তেখেত ৰঙিয়া সমষ্টিবাসীৰ মাজত অতি জনপ্রিয় আছিল আৰু তিনিবাৰকৈ সমষ্টিটোৰপৰা বিধায়ক হিচাপে নির্বাচিত হৈছিল। বর্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱন তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয়া ক্ষতি বুলিও মুখ্যমন্ত্রীয়ে কয়।

মুখ্যমন্ত্রীয়ে প্রাক্তন মন্ত্রী তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি থানেশ্বৰ বড়োৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্রার্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Popular

More like this
Related

ৰাজ্যৰ একাংশ বাট-পথৰ দুৰৱস্থা

পুৰণি চৰকাৰ গ'ল, আহিল নতুন চৰকাৰ। কিন্তু ৰাজ্যৰ একাংশ...

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল’লে আফগানিস্তানে

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল'লে আফগানিস্তানেSUPER 8ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে...

সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতি

সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতিমহাকাশতে আবদ্ধ ভাৰতীয়...

স্থায়ী গৃহৰ অভাৱত পঞ্চায়ত কাৰ্যালয়ত চলিছে এখন চিকিৎসালয়

জামুগুৰি গাঁও পঞ্চায়ত স্বাস্থ্য উপকেন্দ্ৰ!শুনোঁতে আচহুৱা, কিন্তু সঁচা‘আৰোগ্য মন্দিৰ’ৰ...