যোৰহাট লোকসভা সমষ্টিত এইবাৰ কি হ’ব?

যোৰহাট লোকসভা সমষ্টিত এইবাৰ কি হ’ব? গৌৰৱ গগৈ জয়ী হ’ব নে বিজয়ৰ হাঁহি মাৰিব বিজেপিৰ তপন গগৈয়ে। সেই প্ৰশ্ন ৰাজ্যবাসীৰ মনত। কি তাৰ মাজতে যোৰহাটৰ পৰা আহিছে আন এটা খবৰ। এই খবৰ সংঘাতৰ। এই খবৰ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে মিত্ৰদল বিজেপিক লৈ অগপত গা কৰি উঠা অসন্তুষ্টিৰ। বহুচৰ্চিত যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত বিগব্রাদাৰ বিজেপিয়ে কোনো সহযোগিতা নকৰিলে মিত্ৰদল অসম গণ পৰিষদক। পঞ্চায়ত পৰ্য্যায়ত যৌথ সমিতি গঠন কেৱল নামতহে কৰিলে। এই অভিযোগ খোদ মিত্ৰদল অগপৰ। বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত যোৰহাটত অগপই কৰিছিল বিশেষ নিৰ্বাচনী সমীক্ষা। এই সমীক্ষা পত্ৰত বিজেপিৰ বিৰুদ্ধে ক্ষোভ মিত্ৰদল অগপৰ। এই সমীক্ষা আৰু সমীক্ষাৰ পাছত অগপই প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ পৰাই একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে নিৰ্বাচনী ফলাফলৰ পূৰ্বে আৰম্ভ হৈছে অগপ-বিজেপিৰ সংঘাত। যোৰহাট লোকসভা সমষ্টিক লৈ বিজেপিৰ বিৰুদ্ধে মিত্ৰদল অগপৰ আক্ষেপ। অগপ নেতা প্ৰদীপ হাজৰিকাৰ নেতৃত্বত যোৰহাটত দলটোৱে চলাইছিল বিশেষ সমীক্ষা। সেই সমীক্ষাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি যোৰহাচৰ একাধিক বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজন দ্বিতীয় নাইবা তৃতীয় স্থানতহে থাকিব বুলি উল্লেখ কৰা হৈছে। স্বাভাৱিকতে ফলাফলৰ পূৰ্বে অগপৰ এই সমীক্ষাত মিত্ৰজোঁটৰ বাবে ভাল খবৰ অহা নাই।

কাৰণ যোৰহাট এইবাৰ বিবেচিত হৈছে হাইভল্টেজ সমষ্টি হিচাপে। বিৰোধী প্ৰাৰ্থী গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ যোৰহাটত উবুৰি খাই পৰিছিল হাইপ্ৰফাইল নেতা। যোৰহাট জয় কৰিম বুলি দাবী জনাইছিল ভাৰতীয় জনতা পাৰ্টীয়ে। তাৰ মাজতে অগপৰ এই সমীক্ষা। অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত প্ৰকাশ পোৱা এই সমীক্ষাতেই স্পষ্টকৈ আক্ষেপ প্ৰকাশ কৰা হৈছে বিৰোধীৰ স্থিতিৰ বিৰুদ্ধে। বিগত নিৰ্বাচনত যোৰহাটত বিজেপিয়ে গুৰুত্ব নিদিলে অগপক। আসনৰ ভাগ-বাটোৱাৰাত বিজেপিয়ে অগপক বৰপেটা আৰু ধুবুৰী গতাই দিয়াৰ সময়তে স্পষ্ট ভাষাৰে কৈছিল, ১৪ টা লোকসভা সমষ্টিতেই সমিল মিলেৰে আগবাঢ়িব অগপ বিজেপি। কিন্তু প্ৰদীপ হাজৰিকাৰ নেতৃত্বত প্ৰকাশ পোৱা এই সমীক্ষা পত্ৰই যোৰহাটত অসাৰ কৰিলে অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰতিশ্ৰুতি। অগপৰ সমীক্ষা পত্ৰ অনুসৰি বিজেপিৰ লগত পঞ্চায়ত পৰ্য্যায়ত যৌথ সমিতি গঠনহে কৰা হ’ল। কিন্তু বিজেপিক অগপই নিদিলে কোনো দিহা পৰামৰ্শ, নকৰিলে সহযোগিতাও। মতামত হিচাপে সমীক্ষাৰ প্ৰতিবেদনত লিখা হৈছে বিভিন্ন সমষ্টিৰ পৰা প্ৰতিনিধিসকলৰ বক্তব্যৰ পৰা দেখা যায় যে বিগত নিৰ্বাচনত ভাজপাৰ লগত পঞ্চায়ত ভেদে যৌথ সমিতি গঠন কৰা হল যদিও বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ দিহা-পৰামৰ্শ, সহায়-সহযোগিতা আমি নাপালোঁ। এই কথা কেন্দ্ৰীয় সমিতিক অৱগত কৰিবৰ বাবে সভাৰ সভাপতি আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীৰ সভাই অনুৰোধ জনায়। লগতে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টিত দলৰ সাংগঠনিক দিশ সবল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সমীক্ষা পত্ৰক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা। কিছুদিন পূৰ্বে বিৰোধী ঐক্যৰ মিত্ৰদল ৰাইজৰ দলৰ সভাপতিয়ে কংগ্ৰেছক লৈ কৰা কেতবোৰ মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। তেতিয়াও বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ পৰা বিচৰা ধৰণে সহায়-সহযোগিতা নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছিল আৰু এইবাৰ বিজেপিৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰিছে অসম গণ পৰিষদে। ইয়াকে লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া। অৱশ্যে, এই কথাবোৰ নস্যাত কৰিছে অগপ সভাপতি অতুল বৰাই। বৰাৰ মতে শেহতীয়া যি সমীক্ষা সেই সমীক্ষা অনুসৰি যোৰহাটত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনেই জয়ী হ’ব। বৰাৰ এই মন্তব্যই একপ্ৰকাৰ বেমেজালিৰ সৃষ্টি কৰিলে। সঁচা অৰ্থত বিগত নিৰ্বাচনত অগপৰ প্ৰতি বিজেপিয়ে যোৰহাটত দেখুওৱা মনোভাৱক লৈ গণ পৰিষদ সন্তুষ্ট নে অসন্তুষ্ট। যি নহওক ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন। ৪ জুনৰ পাছতেই সকলো স্পষ্ট হৈ পৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...