অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি, তেন্তে কি কৰিব?

অনলাইন শ্বপিং কৰোতে প্ৰৱঞ্চনাৰ বলি হৈছে নেকি? অৰ্ডাৰ দিয়া সামগ্ৰীৰ পৰিৱৰ্তে বিস্কুট, চাবোন, শিল পাইছে নেকি? অনলাইন সামগ্ৰীত প্ৰৱঞ্চনা ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ। এতিয়াৰে পৰা অৰ্ডাৰ দিয়া সামগ্ৰীৰ বিপৰীতে অন্য সামগ্ৰী পালে দিব পাৰিব অভিযোগ। অভিযোগৰ ভিত্তিত কঠোৰ ব্যৱস্থা ল’ব ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা আয়োগে। ইতিমধ্যে ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ভুক্তভোগী গ্ৰাহকে 1800-11-4000, 14404 নম্বৰত ফোন কৰিব পাৰিব। পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজাৰ ভিতৰত ফোন কৰিব পাৰিব প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে। SMSযোগেও অভিযোগ দিব পাৰিব গ্ৰাহকসকলে। ইয়াৰ বাবে মেছেজ কৰিব লাগিব 8130009809 নম্বৰত। অনলাইনযোগেও অভিযোগ দাখিল কৰিব পাৰিব। গ্ৰাহকসকলে www.consumerhelpline.gov.inত অভিযোগ দিব পাৰিব। অনলাইন সামগ্ৰীত প্ৰৱঞ্চনা ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ। দোষী সাব্যস্ত হ’লে কঠোৰ ব্যৱস্থা ল’ব প্ৰশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...