৫০ ঘন্টা কাৰাগাৰত কটোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীৰ চাকৰি গুচি যায়; মন্ত্ৰীৰ কিয় একো নহয়? শ্বাহৰ নতুন বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৩০সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছে। বিহাৰৰ এখন জনসভাত এই বিষয়ে এইবাৰ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী কৰ্মচাৰীৰ উদাহৰণ দি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে, জে’লত থাকিলে মন্ত্ৰীৰ পদ কিয় নাযায়? জে’লৰ পৰা চৰকাৰ চলোৱাৰ শেহতীয়া উদাহৰণো তেওঁ উল্লেখ কৰিছে, যদিও কাৰো নাম লোৱা নাই।

বিহাৰত অচিৰেই বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে শুকুৰবাৰে গয়াত প্ৰধানমন্ত্ৰীৰ এখন জনসভাৰ আয়োজন কৰা হৈছিল। তাত ভাষণ দিওঁতে নতুন বিধেয়কৰ বিষয়ে মন্তব্য কৰিছে মোদীয়ে। তেওঁ কৈছে, “যদি কোনো চৰকাৰী কৰ্মচাৰী ৫০ ঘণ্টা জে’লত থাকে, তেওঁৰ চাকৰি গুচি যায়। তেওঁ গাড়ীৰ চালক হওক, কেৰাণী হওক বা পিয়ন হওক। কিন্তু মন্ত্ৰী, মুখ্যমন্ত্ৰী বা আনকি প্ৰধানমন্ত্ৰীয়েও জে’লৰ পৰা চৰকাৰ চলাব পাৰে!” অতীতৰ উদাহৰণ দি মোদীয়ে কৈছে, “কিছুদিন পূৰ্বে আমি দেখিছিলো, কেনেকৈ জে’লত বহি ফাইলত চহী কৰা হৈছিল। জে’লৰ পৰা চৰকাৰৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। নেতাসকলে যদি এনে আচৰণ কৰে, তেন্তে আমি দুৰ্নীতিৰ বিৰুদ্ধে কেনেকৈ যুঁজিম? এন ডি এ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে আইন আনিছে। এই আইনৰ আওতাত প্ৰধানমন্ত্ৰীও আছে।”

উল্লেখ্য, দিল্লীৰ আবকাৰী দুৰ্নীতি গোচৰত তৎকালীন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিয়া নাছিল। জে’লৰ পৰাই চৰকাৰ পৰিচালনা কৰিছিল। ছমাহৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জামিন পায় কেজৰীৱালে। তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দি দায়িত্ব অতীশীৰ হাতত তুলি দিয়ে। মোদীয়ে কাৰো নাম নলৈও আম আদমি পাৰ্টিৰ প্ৰধানক আক্ৰমণ কৰিব খুজিছিল বুলি বহুতে ধাৰণা কৰিছে।

নতুন বিধেয়কৰ বিষয়ে বিৰোধীসকল প্ৰথমৰ পৰা সৰৱ। তেওঁলোকৰ অভিযোগ, এই বিধেয়ক আইনত পৰিণত হ’লে কেন্দ্ৰত ক্ষমতাত থকা চৰকাৰে ইয়াক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব। ই ডি, চি বি আইৰ দৰে সংস্থা ব্যৱহাৰ কৰাটো আৰু সহজ হ’ব। বুধবাৰে লোকসভাত এই বিধেয়ক উত্থাপনৰ সময়ত বিৰোধীসকলে হূলস্থুল কৰিছিল। লোকসভাৰ অধিৱেশন স্থগিত কৰিবলগীয়া হৈছিল। আনকি, বিধেয়কৰ কাগজ ছিঙি অমিত শ্বাহৰ ফালে পেলোৱা হৈছিল। পৰ্যবেক্ষকৰ মতে, এই বিধেয়ক আইনত পৰিণত কৰাটো সহজ নহ’ব। কাৰণ তাৰ বাবে সংসদৰ উভয় সদনৰ দুই তৃতীয়াংশৰ সম্মতিৰ প্ৰয়োজন।

গয়াৰ জনসভাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে এটা চৰকাৰী অনুষ্ঠানতো অংশ লৈছিল। কেইবাটাও চৰকাৰী প্ৰকল্পৰ উদ্বোধন কৰিছে তেওঁ। তাৰ পিছত তেওঁ পাটনাৰ পৰা পশ্চিমবংগলৈ আহিব। কলকাতা মেট্ৰ’ৰ ইয়েলো লাইনৰ (নোয়াপাৰা-বাৰাছাত) নোয়াপাৰাৰ পৰা জয়হিন্দ বিমানবন্দৰ অংশৰ আনুষ্ঠানিক সূচনা কৰিব। সেই ষ্টেচনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অৰেঞ্জ লাইনৰ (নিউ গড়িয়া-বিমানবন্দৰ) হেমন্ত মুখোপাধ্যায় ষ্টেচন (ৰুবি)ৰ পৰা বেলেঘাটা ষ্টেচন আৰু গ্ৰীণ লাইনৰ (চেক্টৰ ফাইভ-হাওৰা ময়দান) এছপ্ল্যানেড ষ্টেচনৰ পৰা শিয়ালদাহ ষ্টেচন অংশত মেট্ৰ’ চলাচলৰ আনুষ্ঠানিক সূচনা কৰিব। তাৰ পিছত যশোহৰ ৰোড ষ্টেচনৰ পৰা মেট্ৰ’ত উঠি তেওঁ জয়হিন্দ বিমানবন্দৰ ষ্টেচনলৈ যাব। পুনৰ মেট্ৰ’ত যশোহৰ ৰোডলৈ ঘূৰি আহিব। তাৰ পিছত স্থলপথেৰে দমদম চেণ্ট্ৰেল জে’ল ময়দানৰ সভাস্থলীলৈ যাব, য’ত তেওঁৰ এখন ৰাজনৈতিক সভা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...