দীঘলীপুখুৰীত মাছৰ মৃত্যুৰ কাৰণ কি?

গুৱাহাটী, ২৭ জুন, NKTV: দেওবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীত শতাধিক মৃত মাছ ওপঙি থকা দেখা যায়। পানীত মাছ ওপঙি থকা বিষয়টো চকুত পৰাৰ লগে লগে আৰু সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত, মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তৃপক্ষক দীঘলীপুখুৰী পৰিদৰ্শন কৰি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। বিভাগীয় বিষয়াসকলে মৃত মাছ আৰু পুখুৰীৰ পানীৰ নমুনা পৰীক্ষা কৰি নিৰূপণ কৰে যে জলাধাৰত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ লগতে অত্যধিক পৰিমাণে জৈৱিক পদাৰ্থ জমা হোৱাৰ ফলত মাছৰ মৃত্যু ঘটে।

শুক্লবৈদ্যই প্ৰকাশ কৰে, “হঠাৎ অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ লগতে মাত্ৰাধিক জৈৱিক পদাৰ্থৰ বাবেই মাছসমূহৰ মৃত্যু হয়। বিভাগীয় বিষয়াসকলে পৰীক্ষা কৰি পাইছে যে কোনো বিহ মিহলোৱা বাবে মাছৰ মৃত্যু হোৱা নহয়, বৰঞ্চ পৰিৱেশ অৱক্ষয়ৰ ফলতহে হৈছে।“ তৎকালীনভাৱে পানীৰ পাম্প আৰু নৌকাৰ সহায়ত বিভাগে পানীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...