শ্ৰমিক দিৱসৰ উদ্দেশ্য কি?

আন্তৰ্জাতিক শ্ৰমিক দিৱসক সাধাৰণতে মে’ দিৱস বুলিও কোৱা হয়। ইয়াক প্ৰতি বছৰে ১ মে’ তাৰিখে বিশ্বজুৰি উদযাপন কৰা হয়। পৃথিৱীৰ বহুতো দেশত, কৰ্মৰত লোক আৰু শ্ৰমিক সংগঠনবোৰে ৰাজপথত শোভাযাত্ৰাৰ আয়োজন কৰি দিনটো উদযাপন কৰে। বিশ্বৰ প্ৰায় ৮০ খন দেশে ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে স্বীকৃতি দিছে ১ মে’ দিনটোত। আন বহুতো দেশত, ইয়াক ব্যক্তিগতভাৱে উদযাপন কৰা হয়।
আগতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘণ্টা কাম কৰিছিল কৰিব লগা হৈছিল। যাৰ বিপৰীতে অতি নগণ্য মজুৰি লাভ কৰিছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিছিল ১৮৮৬ চনৰ ১-মেঁ। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি লোৱা নাছিল। ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খাইছিল। শ্ৰমিকসকলে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাতো শোভাযাত্ৰা উদ্দেশ্যে গোট খাইছিল। আগস্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লয়, য’ত ১১ জন শ্ৰমিক ছহিদ হয়। পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। আদালতত বিচাৰৰ ৰায়দানৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়।


চলিত কৰোনা মহামাৰীত, দেশৰ বৃহৎ সংখ্যক শ্ৰমিক লোকৰ জীৱনত অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা, মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ কিমান সুৰক্ষিত আছে? শ্ৰমিক দিৱস কেৱল শ্ৰমিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন নহয়, লগতে আজিৰ দিনটোত শ্ৰমিকসকলৰ অধিকাৰৰ বাবে মাত মাতাৰো দিন। যাতে তেওঁলোকৰ অধিকাৰ কোনাও খৰ্ব কৰিব নোৱাৰে। গতিকে শ্ৰমিক দিৱসৰ ইতিহাস আৰু এই দিনটো উদযাপন কৰাৰ উদ্দেশ্য কি সেয়া জনা উচিত। দেশ আৰু বিশ্বত প্ৰতি বছৰে ১ মে’ত শ্ৰমিক দিৱস পালন কৰা হয়। দিনটো প্ৰতি বছৰে ১ মে’ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে শ্ৰমিকসকলক উৎসৰ্গিত কৰা হয়।

ভাৰতত কেতিয়া আৰম্ভ হৈছিল?
১৯২৩ চনৰ ১ মে তাৰিখে চেন্নাইৰ পৰা ভাৰতত শ্ৰমিক দিৱস আৰম্ভ হৈছিল। হিন্দুস্তান লেবাৰ কিষাণ পাৰ্টিৰ অধ্যক্ষতাত এই সিদ্ধান্ত লোৱা হৈছিল। এই সভাখনে বহুতো সংগঠন আৰু সামাজিক গোটৰ সমৰ্থন লাভ কৰিছিল।

শ্ৰমিক দিৱসৰ উদ্দেশ্য কি?
প্ৰতি বছৰে 1 মে’ত শ্ৰমিক দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে শ্ৰমিক আৰু শ্ৰমিকসকলৰ সাফল্যক সন্মান জনোৱা আৰু আগবঢ়োৱা অৱদানবোৰ মনত ৰখা। একে সময়তে, শ্ৰমিকসকলৰ অধিকাৰ আৰু অধিকাৰৰ বাবে মাত মাতিবলৈ আৰু শোষণ বন্ধ কৰিবলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...