পৰীক্ষা বাতিলঃ মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ?

গুৱাহাটী, ১৯ জুন, NKTV: মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ হাতত? শিক্ষা বিভাগে মূল্যায়ন কমিটী গঠন কৰাৰ সময়ত উত্থাপিত হৈছে জটিল প্ৰশ্ন! দশম শ্ৰেণীৰ মূল্যায়নৰ বাবে কোনো আভ্যন্তৰীণ পৰীক্ষাৰ ৰেকৰ্ড নাই ছেবাৰ হাতত। সকলো বিদ্যালয়ে টেষ্ট পৰীক্ষা পতাৰো কোনো তথ্য নাই। কেৱল নৱম শ্ৰেণীৰ নম্বৰৰ ভিত্তিত HSLCৰ মাৰ্কশ্বীট দিব পৰা যাবনে?

দ্বাদশ শ্ৰেণীৰ মূল্যায়নৰ বাবে দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ বাহিৰে একো তথ্য নাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ওচৰত। একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা নাছিল। সকলো বিদ্যালয়ে বিশেষ পৰীক্ষা পতাৰ তথ্য অসম্পূৰ্ণ। চৰকাৰী বিদ্যালয়ে বিশেষ পৰীক্ষাৰ ফলাফল প্ৰেৰণ কৰিছে যদিও ব্যক্তিগত বিদ্যালয়ৰ কোনো তথ্য নাই।

সদৌ অসম ছাত্ৰ সন্থা আৰু এবছুৰ নেতৃবৰ্গৰে এসপ্তাহ পূৰ্বেও অনুষ্ঠিত বৈঠকত শিক্ষা বিভাগে জনাইছিল যে পৰীক্ষাৰ্থীৰ মূল্যায়ন কৰিব পৰা কোনো ব্যৱস্থা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হাতত নাই। সেয়েহে পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো বিকল্প নাই।

কিন্তু এসপ্তাহৰ পিছতে পৰীক্ষা বাতিল কৰি কি পন্থাৰে মূল্যায়ন কৰিব সেয়া নিৰ্ণয় কৰিবলৈ দুখনকৈ কমিটী গঠন কৰিছে। দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ আলোক বুঢ়াগোহাঁই আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মাৰ নেতৃত্বত দুখন কমিটী গঠন কৰি দিছে। এই কমিটীয়ে শিক্ষাৰ্থীক ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

শিক্ষাবিদসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জটিল বিষয়টো অতি সাৱধানে অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিশেষজ্ঞ সমিতিক পৰামৰ্শ দিছে।

মূল্যায়ন কৰোঁতে বহু ছাত্ৰ-ছাত্ৰীয়ে উচিত ন্যায় নাপাব বুলি আশংকা প্ৰকাশ কৰিছে শিক্ষাবিদ ডঃ সীতানাথ লহকৰে।

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দি মূল্যায়ন নীতি প্ৰস্তুত কৰাটোৱেই কমিটীৰ প্ৰথম প্ৰত্যাহ্বান হ’ব।

কমিটী দুখনৰ প্ৰতিবেদনৰ ওপৰতে অসমৰ প্ৰায় ৭ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিছে।

ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ কণ্ঠশিল্পী, অতিষ্ঠ হৈ দৰ্শকে ভাঙিলে পেণ্ডেল, আচবাব

বিলাসীপাৰা মিউজিক ফেষ্টিভেলত অঘটন। সংগীত পৰিৱেশন কৰিবলৈ নাহিল বলীউডৰ...

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট

সংসদত দাখিল ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেটবিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অষ্টমখন...

আজি সংসদত দাখিল হ’ব পূৰ্ণাংগ বাজেট

আজি সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব মোদী চৰকাৰৰ...

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত!

বতৰে বিধি পথালি দিব সৰস্বতী পূজাত! অসমৰ লগতে উত্তৰ...