কিয় পালন কৰা হয় শ্বব-ই-বাৰাত?

পৱিত্ৰ শ্বব-ই-বাৰাত
ক্ষমা আৰু ভাগ্যৰ ৰাতি
মুছলমান লোকসকলে পালন কৰিলে পৱিত্ৰ শ্বব-ই-বাৰাত

সমগ্ৰ মানৱজাতিৰ কল্যানাৰ্থে আল্লাহৰ পৰা আশীৰ্বাদ বিচাৰি মছজিদত আদায় কৰে বিশেষ নামাজ। পৱিত্ৰ কোৰাণ পাঠৰ লগতে তজবি, জিকিৰ ইত্যাদিৰে ওৰেনিশা উজাগৰে থাকি পালন কৰে পৱিত্ৰ শ্বব-ই-বাৰাত। একাংশই আকৌ আপোনজনৰ কবৰ দৰ্শন কৰি মৃত ব্যক্তিৰ আত্মাৰ শান্তি কামনাৰে আল্লাহৰ ওচৰত দোৱা কৰে।

কিয় পালন কৰা হয় এই শ্বব-ই-বাৰাত?
শ্বব-ই-বাৰাতৰ অভিধানিক অৰ্থ হ’ল অনুসন্ধান। ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজনিশা মুছলমানসকলে উদযাপন কৰে এই উৎসৱ। এই নিশা পৰৱৰ্তী বছৰলৈ ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপীসকলক ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়। এই নিশা সমগ্ৰ বিশ্বতে মুছলমান ধৰ্মাৱলম্বীলোকসকলে পূৰ্বপুৰুষৰ বাবে আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰে।

এই শ্বব-ই-বাৰাতৰ পৰাই মুছলমানসকলে ৰোজা ৰাখিবৰ বাবে মানসিকভাৱে প্রস্তুত তথা প্রতিশ্রুতিবদ্ধ হয়। এই শ্বব-ই-বাৰাত বা শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটোৰ মহত্ব অপৰিসীম। যিজনে শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটো বিশ্বাস আৰু আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে উজাগৰে থাকি ঈবাদত বন্দেগী কৰিব তেওঁৰ পূৰ্বৰ গুনাহবোৰ ক্ষমা কৰি দিয়া হ’ব বুলি কোৰাণত উল্লেখ আছে।

NKTV Digital
Author: NKTV Digital

230 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...