কিয় পালন কৰা হয় শ্বব-ই-বাৰাত?

পৱিত্ৰ শ্বব-ই-বাৰাত
ক্ষমা আৰু ভাগ্যৰ ৰাতি
মুছলমান লোকসকলে পালন কৰিলে পৱিত্ৰ শ্বব-ই-বাৰাত

সমগ্ৰ মানৱজাতিৰ কল্যানাৰ্থে আল্লাহৰ পৰা আশীৰ্বাদ বিচাৰি মছজিদত আদায় কৰে বিশেষ নামাজ। পৱিত্ৰ কোৰাণ পাঠৰ লগতে তজবি, জিকিৰ ইত্যাদিৰে ওৰেনিশা উজাগৰে থাকি পালন কৰে পৱিত্ৰ শ্বব-ই-বাৰাত। একাংশই আকৌ আপোনজনৰ কবৰ দৰ্শন কৰি মৃত ব্যক্তিৰ আত্মাৰ শান্তি কামনাৰে আল্লাহৰ ওচৰত দোৱা কৰে।

কিয় পালন কৰা হয় এই শ্বব-ই-বাৰাত?
শ্বব-ই-বাৰাতৰ অভিধানিক অৰ্থ হ’ল অনুসন্ধান। ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজনিশা মুছলমানসকলে উদযাপন কৰে এই উৎসৱ। এই নিশা পৰৱৰ্তী বছৰলৈ ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপীসকলক ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়। এই নিশা সমগ্ৰ বিশ্বতে মুছলমান ধৰ্মাৱলম্বীলোকসকলে পূৰ্বপুৰুষৰ বাবে আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰে।

এই শ্বব-ই-বাৰাতৰ পৰাই মুছলমানসকলে ৰোজা ৰাখিবৰ বাবে মানসিকভাৱে প্রস্তুত তথা প্রতিশ্রুতিবদ্ধ হয়। এই শ্বব-ই-বাৰাত বা শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটোৰ মহত্ব অপৰিসীম। যিজনে শ্বাবান মাহৰ ১৫ তাৰিখৰ ৰাতিটো বিশ্বাস আৰু আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে উজাগৰে থাকি ঈবাদত বন্দেগী কৰিব তেওঁৰ পূৰ্বৰ গুনাহবোৰ ক্ষমা কৰি দিয়া হ’ব বুলি কোৰাণত উল্লেখ আছে।

NKTV Digital
Author: NKTV Digital

230 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...