জীৱন বীমাৰ ধন পাবলৈকে অনলাইন গেমত আসক্ত নৰাধম পুত্ৰৰ জঘন্য কাণ্ড

আপোনাৰ সন্তানেও স্মাৰ্ট ফোন ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে সাৱধান! এতিয়াৰে পৰা সন্তানৰ হাতত মোবাইল তুলি দিয়াৰ আগতে এশবাৰ ভাবক আপুনি। কিয়নো মোবাইলৰ বাবেই এইবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মোবাইলৰ গেমত আসক্ত পুত্ৰই মাতৃৰ লগত কৰিলে ভয়ংকৰ কাণ্ড। মাত্ৰ ৫০ লাখ টকাৰ জীৱন বীমাৰ ধন পাবলৈকে মাতৃক হত্যা কৰি যমুনাত উটুৱালে নৰাধম পুত্ৰই।

এই ঘটনা উত্তৰ প্ৰদেশৰ ফাটেহপুৰৰ। মাত্ৰ ৫০ লাখ টকাৰ জীৱন বীমাৰ ধন পাবলৈ মাতৃক হত্যা কৰিলে এজন যুৱকে। উল্লেখ্য যে অনলাইনত গেমৰ জৰিয়তে জোৱা খেলিছিল যুৱকজনে। সেই জুৱাৰ পৰা হোৱা ঋণৰ বোজা কমাবলৈকে এনে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে যুৱকজনে।

আৰক্ষীৰ জেৰাত সমগ্ৰ কথা স্বীকাৰ কৰে হিমাংশু নামৰ যুৱকজনে। আৰক্ষীৰ জেৰাত হিমাংশুৱে এই কথাও উল্লেখ কৰে যে অনলাইন গেমৰ প্ৰতি আসক্তি বাঢ়িছিল তেওঁৰ। পৰৱৰ্তী সময়ত সেই গেমত জুৱা খেলিবলৈ লয় যুৱকজনে আৰু ঘৰৰ পৰা ওলাবলৈ, মানুহৰ লগত কথা পতিবলৈ এৰি দিয়ে। প্ৰথমাৱস্থাত অধিক টকা লাভ কৰিছিল কিশোৰজনে, ফলত তেওঁৰ লোভ ক্ৰমে বাঢ়ি গৈছিল। কিন্তু অধিক টকা লাভ কৰা হিমাংশুৰ হাতৰ পৰা এদিন গুচি গৈছিল অধিক টকা। ফলস্বৰূপে তেওঁ অনলাইন গেমৰ জৰিয়তে লগ পোৱা বিভিন্ন বন্ধুৰ পৰা ঋণ লৈ জুৱা খেলিবলৈ ল’লে। কিন্তু ঋণৰ পৰিমাণ বৃদ্ধি হৈ এদিন হ’লগৈ ৪লাখ টকা। বন্ধুৱে তেওঁক যেতিয়া ধাৰ বিচাৰিবলৈ ধৰিলে তেতিয়া তেওঁ মনতে এক কু-বুদ্ধি ৰচিলে, সেয়া হৈছে সাধু কথা-চিনেমাৰ দৰে মাতৃৰ লগত কৰা এই ভয়ংকৰ ঘটনা। প্ৰথমতে তেওঁ পিৃতৃ-মাতৃৰ নামত খুলিলে ৫০ লাখ টকাৰ জীৱন বীমা। প্ৰথমতে যুৱকজনৰ পিতৃ-মাতৃ আচৰিত হ’ল যি পুত্ৰই ঘৰৰ পৰা নোলায় সেই পুত্ৰই এনে কথা ভাবিছে! কিন্তু পাছত তেওঁলোক সন্মত হ’ল এই কথা ভাবি, ইমান সৰুতে ল’ৰাটোৱে ইমান ভাল কথা ভাবিছে, নিশ্চিতভাৱে এটা ভাল কাম কৰিছে। কিন্তু সেই পৰিকল্পনাৰ আঁৰৰ কথা গম পোৱাৰ পাছত পিতৃয়ে দুখ প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...