মেক্ৰোস্ক’পিক কোৱাণ্টাম টানেলিং কি? ইয়াৰ বাবে তিনিজন বিজ্ঞানীক দিয়া হৈছে পদাৰ্থবিজ্ঞানৰ ন’বেল

এই বছৰৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা তিনিজন আমেৰিকান বিজ্ঞানী জন ক্লাৰ্ক, মিছেল ডেভ’ৰেট আৰু জন মাৰ্টিনিছক প্ৰদান কৰা হৈছে। মঙলবাৰে ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই ঘোষণা কৰিছে। জানোঁ আহক, এই তিনিজন আমেৰিকান বিজ্ঞানীক কি কাৰণে নোবেল বঁটা প্ৰদান কৰা হৈছে –

জন ক্লাৰ্ক, মিছেল ডেভ’ৰেট আৰু জন মাৰ্টিনিছে বৈদ্যুতিক চাৰ্কিটত বৃহৎ পৰিসৰত কোৱাণ্টাম টানেলিং আৰু শক্তিৰ স্তৰৰ বিষয়ে আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ এই কামৰ বাবেই তেওঁলোকক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

মেক্ৰোস্ক’পিক কোৱাণ্টাম টানেলিং কি?

কোৱাণ্টাম টানেলিং হৈছে এটা আশ্চৰ্যজনক প্ৰক্ৰিয়া, য’ত এটা কণা এনে এটা বাধা অতিক্ৰম কৰিব পাৰে, যিটো সাধাৰণ পদাৰ্থ বিজ্ঞানৰ নিয়ম অনুসৰি অসম্ভৱ যেন লাগে। যেনে, আমি দৈনন্দিন জীৱনত দেখোঁ যে- এটা বল দেৱালত খুন্দা মাৰি ঘূৰি আহে, কিন্তু কোৱাণ্টামৰ ক্ষুদ্ৰ জগতত কণাবোৰ কেতিয়াবা দেৱালৰ মাজেৰে পাৰ হৈ অন্য পাৰে গৈ পায়।

ৰয়েল ছুইডিছ একাডেমীৰ মতে, জন ক্লাৰ্ক, মিছেল ডেভ’ৰেট আৰু জন মাৰ্টিনিছে দেখুৱাইছিল যে, কোৱাণ্টামৰ প্ৰভাৱে কেৱল ক্ষুদ্ৰ স্তৰত নহয়, বৃহৎ পৰিসৰতো কাম কৰিব পাৰে। ১৯৮৪-৮৫ চনত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত তেওঁলোকে এটা পৰীক্ষা কৰিছিল, য’ত দুটা ছুপাৰকণ্ডাক্টৰৰ সংযোগৰ জৰিয়তে এটা চাৰ্কিট তৈয়াৰ কৰা হৈছিল। এই দুটা ছুপাৰকণ্ডাক্টৰৰ মাজত এটা পাতল স্তৰ ৰখা হৈছিল, যিয়ে সাধাৰণতে বিদ্যুতৰ প্ৰবাহক বাধা দিছিল।

বিজ্ঞানীসকলে দেখিছিল যে, চাৰ্কিটত থকা চাৰ্জযুক্ত কণাবোৰে একেলগে মিলি বাধাৰ স্তৰটো অতিক্ৰম কৰিছিল। এইটোৱে বৃহৎ পৰিসৰত কোৱাণ্টাম টানেলিঙৰ স্পষ্ট প্ৰমাণ আছিল। এই পৰীক্ষাই তেওঁলোকক এইটো বুজিবলৈ সহায় কৰিছিল যে, কোৱাণ্টাম টানেলিঙক বৃহৎ প্ৰণালীত কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ভৱিষ্যতৰ প্ৰযুক্তিৰ ওপৰত প্ৰভাৱ

এই আৱিষ্কাৰ কোৱাণ্টাম কম্পিউটিং আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। কোৱাণ্টাম প্ৰযুক্তিৰ ব্যৱহাৰ ছেমিকণ্ডাক্টৰ, কম্পিউটাৰ আৰু মাইক্ৰ’চিপত কৰা হয়। ভৱিষ্যতে ইয়াৰ দ্বাৰা চিকিৎসা, মহাকাশ আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰত সহায় হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...