তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ’ব নেকি? ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আন এক মহাসমৰৰ আশংকা

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আশংকা বাঢ়ি গৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগ, পেণ্টাগনে পূব ইউৰোপত নিয়োজিত কৰাৰ বাবে ৮,৫০০ আমেৰিকান সৈন্যক “উচ্চ সতৰ্কতা”ত ৰাখিছে। পেণ্টাগনৰ মুখপাত্ৰ জন কাৰ্বিয়ে সদৰি কৰিছে যে সৈন্যবাহিনীত যুঁজাৰু দলৰ সদস্য, স্বাস্থ্য কৰ্মী, চোৰাংচোৱা আৰু নিৰীক্ষণ দলক অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়ালৈকে এই সৈন্য মোতায়েনৰ বাবে কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই অথবা কোনো অভিযানলৈ প্ৰেৰণ কৰা হোৱা নাই। অৱশ্যে পূব ইউৰোপত নাটো শক্তিশালী কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰিব পাৰে। ইউৰোপত অতিৰিক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী মোতায়েন নাটোৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

ইফালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিলে ভয়ানক পৰিণামৰ সন্মুখীন হ’ব বুলি সতৰ্ক কৰি দিছে। বৰিছ জনছনৰ এই মন্তব্য ৰাছিয়াৰ সামৰিক বাহিনীয়ে ফেব্ৰুৱাৰীত ঘোষণা কৰাৰ পিছত আহিছিল যেতিয়া আয়াৰলেণ্ডৰ উপকূলৰ পৰা ১৫০ মাইল দূৰত সামুদ্ৰিক সামৰিক অনুশীলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ৰাছিয়াই ইয়াৰ ১৪০ খন যুদ্ধজাহাজৰ সৈতে আটলাণ্টিক, প্ৰশান্ত মহাসাগৰ, ভূমধ্যসাগৰ আৰু উত্তৰ সাগৰত সষ্টম কৰি ৰখাৰ কথা ঘোষণা কৰিছে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটাৰেজে ইউক্ৰেইন আৰু ৰাছিয়াত উত্তেজনা হ্ৰাস কৰিবলৈ ৰাজনৈতিক আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কয়, “ৰাষ্ট্ৰসংঘই দুয়োখন দেশৰ মাজত যুদ্ধৰ সলনি আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব বিচাৰে। আমি সকলো পক্ষক যুদ্ধৰ পৰিৱৰ্তে আন উপায়েৰে মোকাবিলা কৰিবলৈ আৰু সীমান্তত সৈন্য হ্ৰাস কৰিবলৈ দ্ৰুত পদক্ষেপ ল’বলৈ আহ্বান জনাইছো।”

মন কৰিবলগীয়া যে ব্ৰিটেইনে ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক বৃহৎসংখ্যক অত্যাধুনিক এণ্টি-টেংক মিছাইল আৰু এংলো-চুইডিছ এণ্টি-টেংক গাইডেড মিছাইল অৰ্পণ কৰিছে। সকলোৱে আশংকা কৰিছে যে ৰাছিয়াৰ পক্ষই টেংকেৰে ইউক্ৰেইন সীমান্তত প্ৰথম আক্ৰমণ কৰিব পাৰে। সামৰিক বিশেষজ্ঞসকলৰ মতে ৰাছিয়াই প্ৰায় ৮,০০০ টেংক ইউক্ৰেইন সীমান্তত মোতায়েন কৰিছে। ৰাছিয়াই ইউক্ৰেইন সীমান্তত ৩৬টা ইস্কান্দৰ মিছাইল লঞ্চাৰো মোতায়েন কৰিছে।

শেহতীয়াভাবে ৰাছিয়া আৰু ইউক্ৰেইনত উদ্ভৱ হোৱা পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰই পোনপটীয়া হস্তক্ষেপ কৰিবলৈ মন মেলিছে। মেৰিলেণ্ডত ইতিমধ্যে পেণ্টাগনৰ বিষয়াসকলে জো বাইডেনক ৰাছিয়াৰ সৈতে মোকাবিলা কৰিবলৈ কেইবাটাও বিকল্প উপস্থাপন কৰাৰ কথা প্ৰকাশ পাইছে। ইয়াৰে এটা হ’ল ৰাছিয়াৰ সমীপৰ দেশসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য, যুঁজাৰু বিমান আৰু যুদ্ধজাহাজ মোতায়েন কৰি সামৰিক চাপ সৃষ্টি কৰে। যিকোনো সময়ত ১,০০০ৰ পৰা ৫,০০০ আমেৰিকান সৈন্য এই দেশবোৰলৈ প্ৰেৰণ কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...