‘AS’ ৰেজিষ্ট্ৰেচনৰ গাড়ী মানেই মেঘালয়ত বিপদ!

মেঘালয়ত এতিয়া মেঘৰ নাচোনে বৰকৈ মুহিছে পৰ্যটকক। জীপাল হৈ উঠিছে হ্ৰদবোৰ, নদীবোৰ, পাহাৰবোৰ আৰু সেউজীয়াবোৰ। গৰমৰ বন্ধও চলি আছে। সেয়ে অসমৰ বহু পৰ্যটকৰ বাবে এতিয়া ভ্ৰমণৰ ক্ষেত্ৰত এক মজাৰ ঠাই হৈ ধৰা দিছে মেঘালয়ে। গাড়ীত উঠি গুছি গৈছে বন্ধুৰ দল, পৰিয়াল, প্ৰেমিক যুগল অথবা দুঃসাহসিক বাইক ৰাইডাৰকল। কিন্তু, মেঘালয় ভ্ৰমণ কালত বিপদে ধৰা দিছে অসমৰ বাহনসমূহক। আদবাটতে বাধাৰ সন্মুখীন হৈ উভতি আহিছে অসমৰ পৰ্যটক। ‘AS’ ৰেজিষ্ট্ৰেচনৰ গাড়ী মানেই মেঘালয়ত বিপদ!

খানাপাৰাতো আবদ্ধ হৈ পৰিছে অসমৰ গাড়ী চালক, পৰ্যটক। মেঘালয়ৰ বিভিন্ন স্থান ভ্ৰমণৰ বাবে পৰ্যটকক স্থানীয় টেক্সি ব্যৱহাৰৰ দাবী মেঘালয়ৰ টেক্সি চালক সন্থাৰ। শুকুৰবাৰে অসমৰ শ শ গাড়ী ঘূৰাই পঠিয়াই ইতিমধ্যে দাদাগিৰি কৰিছে মেঘালয়ৰ টেক্সি চালক সন্থাই। মেঘালয়ত চৰম নিৰাপত্তাহীনতাত অসমৰ বাহন লৈ যোৱা পৰ্যটক।

উভতি ধৰিছে অসমৰ চালকে। ট্যুৰিষ্ট পাৰ্মিটৰ নামত ধন ভৰাৰ পিছতো এয়া কেনে যুক্তি? মেঘালয়-চেৰাপুঞ্জী-ডাউকী পথত শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিষয়টোত মেঘালয় টেক্সি চালক সন্থাক সহযোগ কৰিছে HNYF নামৰ সংগঠনটোৱে। কিন্তু কিছুদিন পূৰ্বেও এই বিষয় উত্থাপন হোৱাত এনে কোনো অসুবিধা হোৱাই নাই বুলি মন্তব্য কৰিছিল মেঘালয় প্ৰশাসনে। কিন্তু অতি সম্প্ৰতি অসমত পঞ্জীয়নকৃত বাহনৰ চলাচলত বাধাৰ সন্মুখীন হৈছে অসমৰ টেক্সি চালক। এতিয়া প্ৰশ্ন হয় আসৈ মাতিছিল নেকি মেঘালয় প্ৰশাসনে? দুখন চুবুৰীয়া ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনত এই অৰিয়া অৰি কিয়? ইয়াৰ পৰাই লাভেই বা কাৰ?

ইতিমধ্যে এই ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিততেই বিৰূপ প্ৰভাৱ পৰিছে মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰতো। মাত্ৰ এটা দিনতে মেঘালয়ৰ ৩০% হোটেল-ৰিজ’ৰ্টৰ আগতীয়া বুকিং বাতিল। আজি সদৌ অসম ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাৰ মাজত ইয়াৰ উপায় বিচাৰি অনুষ্ঠিত হয় এলানি আলোচনা। আলোচনাত ইয়াৰ সামধানৰ সন্ধান কৰে দুই ৰাজ্যৰ ছাত্ৰ সন্থাই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

অসমৰ প্ৰশাসন আৰু চৰকাৰকো এই বিষয়ত আলচ কৰিবলৈ আহ্বান জনাইছে চালক আৰু পৰ্যটকসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...