মাৰোৱাৰী সমাজে ক্ষমা খোজাত দুখ পাইছে সুস্মিতা দেৱে

বহুদিনৰ মূৰত কেমেৰাৰ সন্মুখলৈ আহি তৃণমূল কংগ্ৰেছৰ নেত্ৰী, প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ বিস্ফোৰণ। আলফা পৰা ছালফা হোৱা লোকসকলে যদি মঞ্চত থিয় হৈ আজিলৈ ক্ষমা বিচৰা নাই, তেনেহলে মাৰোৱাৰী সমাজৰ লগত এনে আচৰণ কিয় কৰা হল। প্ৰশ্ন সুস্মিতা দেৱৰ।

শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণ কৰিছিল অনা অসমীয়া দুই ব্যৱসায়ীয়ে। সেই ঘটনাই জোকাৰি গৈছিল ৰাজ্য। মন্ত্ৰী আৰু উজনিৰ একাংশ দল-সংগঠনৰ উপস্থিতিত ৰাজহুৱাকৈ ক্ষমা খুজিছিল শিৱসাগৰৰ মাৰোৱাৰী সমাজে। সেই ঘটনাত অসন্তুষ্ট সুস্মিতা। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা সুস্মিতা দেৱৰ।
অসমত চাৰি হাজাৰৰো অধিক লোকক হত্যা কৰিছে আলফাই। এই তথ্য দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই। আলফাৰ পৰা ছালফা হোৱা হত্যাকাৰী লোকসকলে যদি ক্ষমা খুজা নাই ,তেনেহলে কিয় মৰোৱাৰী সমাজৰ লোক সকলক ক্ষমা খুজিবলৈ বাধ্য কৰোৱালে।

মিঞাক লৈ উত্তাল হোৱাৰ ৰাজ্যৰ ৰাজনীতিক লৈও প্ৰতিক্ৰিয়া সুস্মিতা দেৱৰ। যেতিয়াই বিজেপি বিপদত পৰে, তেতিয়াই তেওঁলোকে হিন্দু-মুছলিম কৰে। ‘২৬ত বিপদত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেয়ে তেওঁ আৰম্ভ কৰিছে হিন্দু-মুছলমানৰ ৰাজনীতি। উজনি অসমত মিঞা খেদা আন্দোলনৰ মূল নায়ক হিমন্ত বিশ্ব শৰ্মা, মন্তব্য সুস্মিতা দেৱৰ।

সুস্মিতা দেৱৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিজেপি বিধায়ক মানৱ ডেকাৰ। এতিয়া আৰু অসমৰ ৰাজনীতিত সুস্মিতা দেৱৰ প্ৰাসংগিকতা নাই।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰেকিবুদ্দিন আহমেদে কলে, এতিয়া ছালফাসকলে উত্তৰ দিয়ক সুস্মিতা দেৱক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...