ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ পৰা কি শিক্ষা পালে চীনে ?

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ৪০দিনৰো অধিক হ’ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থকা দেখা গৈছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমাণ্ডাৰে টাইৱানৰ বিষয়ে ৰাষ্ট্ৰপতি জ’ বিডেনক ইতিমধ্যয়ে সতৰ্ক কৰি দিছে। টাইৱান লৈ আমেৰিকা আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে। দুয়োখন দেশে দুয়োখন দেশৰ বিৰুদ্ধে বহুবাৰ কঠোৰ বিবৃতিও জাৰি কৰিছে। আমেৰিকান কামাণ্ডাৰে কৈছে যে, চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৪০ দিনতকৈও অধিক সময়তো কিন্তু ৰাছিয়াই এতিয়াও সম্পূৰ্ণৰূপে ইউক্ৰেইন দখল কৰিব পৰা নাই। বৰঞ্চ, ৰুছ সেনাই ইউক্ৰেইন চহৰৰ পৰা পলাব লগীয়া অবস্থাহে হৈ পৰিছে। লগতে আমেৰিকাৰ নৌ-সেনাৰ পেচিফিক ফ্লীটকমাণ্ডাৰ এডমিৰেল চেমুৱেল জন পাপাৰোৱে কয়, “এতিয়া কোনো সন্দেহ নাই যে চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পাইছে।”

জানিব পৰা মতে, আমেৰিকাৰ বিদেশ বিভাগে টাইৱানক ৯৫ নিযুত আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষাৰ সামগ্ৰীৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে। আনহাতে, যোৱা মাহত আমেৰিকাৰ এটা প্ৰাক্তন সামৰিক দল টাইৱানলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত চীনে কৈছে যে “টাইৱানক সমৰ্থন কৰাৰ বাবে আমেৰিকাই যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...