ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ পৰা কি শিক্ষা পালে চীনে ?

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ৪০দিনৰো অধিক হ’ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থকা দেখা গৈছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমাণ্ডাৰে টাইৱানৰ বিষয়ে ৰাষ্ট্ৰপতি জ’ বিডেনক ইতিমধ্যয়ে সতৰ্ক কৰি দিছে। টাইৱান লৈ আমেৰিকা আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে। দুয়োখন দেশে দুয়োখন দেশৰ বিৰুদ্ধে বহুবাৰ কঠোৰ বিবৃতিও জাৰি কৰিছে। আমেৰিকান কামাণ্ডাৰে কৈছে যে, চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৪০ দিনতকৈও অধিক সময়তো কিন্তু ৰাছিয়াই এতিয়াও সম্পূৰ্ণৰূপে ইউক্ৰেইন দখল কৰিব পৰা নাই। বৰঞ্চ, ৰুছ সেনাই ইউক্ৰেইন চহৰৰ পৰা পলাব লগীয়া অবস্থাহে হৈ পৰিছে। লগতে আমেৰিকাৰ নৌ-সেনাৰ পেচিফিক ফ্লীটকমাণ্ডাৰ এডমিৰেল চেমুৱেল জন পাপাৰোৱে কয়, “এতিয়া কোনো সন্দেহ নাই যে চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পাইছে।”

জানিব পৰা মতে, আমেৰিকাৰ বিদেশ বিভাগে টাইৱানক ৯৫ নিযুত আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষাৰ সামগ্ৰীৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে। আনহাতে, যোৱা মাহত আমেৰিকাৰ এটা প্ৰাক্তন সামৰিক দল টাইৱানলৈ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত চীনে কৈছে যে “টাইৱানক সমৰ্থন কৰাৰ বাবে আমেৰিকাই যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...