কফি নে চাহ? বয়স বাঢ়িলে হাঁড়ে কি বিচাৰে— নতুন গৱেষণাই দিলে আকৰ্ষণীয় ইংগিত

কাপটো হাতত লোৱাৰ আগতে এবাৰ ভাবক—কফি নে চাহ?


বয়স বাঢ়াৰ লগে লগে হাঁড়ৰ যত্ন লোৱাটো কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৰে জ্ঞাত , পুৱা-গধূলিৰ প্ৰিয় চাহ বা কফি কাপেও কিন্তু তাত সৰু ভূমিকা ল’ব পাৰে। Flinders University-ৰ গৱেষণাত পোহৰলৈ আহিছে এনে এক আকৰ্ষণীয় তথ্য।

প্ৰায় ১০,০০০ গৰাকী ৬৫ বছৰ ঊৰ্ধ্বৰ মহিলাক ১০ বছৰ ধৰি অনুসৰণ কৰি গৱেষকসকলে তেওঁলোকৰ কফি-চাহ সেৱনৰ সৈতে হাঁড়ৰ ঘনত্বৰ সম্পৰ্ক পৰীক্ষা কৰে।

ফলাফলত দেখা গ’ল, চাহ খোৱা মহিলাসকলৰ Bone Mineral Density (BMD) চাহ নোখোৱা মহিলাসকলতকৈ সামান্য বেছি আছিল। পাৰ্থক্যটো সৰু হ’লেও পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ বুলি গৱেষণাত প্ৰকাশ পাইছে।

আনহাতে, কফিৰ কাহিনীও অলপ বেলেগ। দিনে ২–৩ কাপ কফি সেৱন কৰাত হাড়ৰ ক্ষতিৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নগ’ল। কিন্তু দিনে ৫ কাপতকৈ অধিক কফি খোৱা মহিলাসকলৰ হাড়ৰ ঘনত্ব তুলনামূলকভাৱে কম দেখা গৈছে।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়াই কফিৰ কাপটো আঁতৰাই চাহৰ কাপটো হাতত ল’ব লাগিব! গৱেষকসকলে স্পষ্ট কৰিছে—এই পাৰ্থক্যসমূহ অতি ক্ষুদ্ৰ আৰু ব্যক্তিগত জীৱনশৈলীত ডাঙৰ পৰিৱৰ্তন কৰাৰ বাবে এই ফলাফল যথেষ্ট নহয়।

হাঁড়ৰ বাবে কেলচিয়াম আৰু ভিটামিন ‘D’য়েই মূল ভৰসা। কিন্তু তাৰ মাজতে দৈনিক একাপ চাহে হয়তো আপোনাৰ হাঁড়ৰ যত্ন লোৱাত এক ধনাত্মক প্ৰভাৱ পেলাব পাৰে। হাঁড়ৰ স্বাস্থ্যক লৈ কোনো চিন্তা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় মহিলা ক্ৰিকেটত নতুন অধ্যায়; অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিশ্বকাপজয়ী অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনিওটা...

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...