কফি নে চাহ? বয়স বাঢ়িলে হাঁড়ে কি বিচাৰে— নতুন গৱেষণাই দিলে আকৰ্ষণীয় ইংগিত

কাপটো হাতত লোৱাৰ আগতে এবাৰ ভাবক—কফি নে চাহ?


বয়স বাঢ়াৰ লগে লগে হাঁড়ৰ যত্ন লোৱাটো কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৰে জ্ঞাত , পুৱা-গধূলিৰ প্ৰিয় চাহ বা কফি কাপেও কিন্তু তাত সৰু ভূমিকা ল’ব পাৰে। Flinders University-ৰ গৱেষণাত পোহৰলৈ আহিছে এনে এক আকৰ্ষণীয় তথ্য।

প্ৰায় ১০,০০০ গৰাকী ৬৫ বছৰ ঊৰ্ধ্বৰ মহিলাক ১০ বছৰ ধৰি অনুসৰণ কৰি গৱেষকসকলে তেওঁলোকৰ কফি-চাহ সেৱনৰ সৈতে হাঁড়ৰ ঘনত্বৰ সম্পৰ্ক পৰীক্ষা কৰে।

ফলাফলত দেখা গ’ল, চাহ খোৱা মহিলাসকলৰ Bone Mineral Density (BMD) চাহ নোখোৱা মহিলাসকলতকৈ সামান্য বেছি আছিল। পাৰ্থক্যটো সৰু হ’লেও পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ বুলি গৱেষণাত প্ৰকাশ পাইছে।

আনহাতে, কফিৰ কাহিনীও অলপ বেলেগ। দিনে ২–৩ কাপ কফি সেৱন কৰাত হাড়ৰ ক্ষতিৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নগ’ল। কিন্তু দিনে ৫ কাপতকৈ অধিক কফি খোৱা মহিলাসকলৰ হাড়ৰ ঘনত্ব তুলনামূলকভাৱে কম দেখা গৈছে।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে এতিয়াই কফিৰ কাপটো আঁতৰাই চাহৰ কাপটো হাতত ল’ব লাগিব! গৱেষকসকলে স্পষ্ট কৰিছে—এই পাৰ্থক্যসমূহ অতি ক্ষুদ্ৰ আৰু ব্যক্তিগত জীৱনশৈলীত ডাঙৰ পৰিৱৰ্তন কৰাৰ বাবে এই ফলাফল যথেষ্ট নহয়।

হাঁড়ৰ বাবে কেলচিয়াম আৰু ভিটামিন ‘D’য়েই মূল ভৰসা। কিন্তু তাৰ মাজতে দৈনিক একাপ চাহে হয়তো আপোনাৰ হাঁড়ৰ যত্ন লোৱাত এক ধনাত্মক প্ৰভাৱ পেলাব পাৰে। হাঁড়ৰ স্বাস্থ্যক লৈ কোনো চিন্তা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...