এইখন বিয়া যদি খোৱা নাই আপুনি জীৱনত বিয়াই খোৱা নাই

ধুবুৰীত জিলা পৰিষদৰ কাৰ্যালয়ত বিবাহ অনুষ্ঠিত হ’ল। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বিজেপি নেতাই দুৰ্ব্যৱহাৰ কৰিলে। সেই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। চৰকাৰী কাৰ্যালয়ত বিয়া। চকু কপালত উঠিল ৰাইজৰ। এইবাৰ আকৌ কৰিমগঞ্জত একেই ঘটনাৰ পুনৰাবৃত্তি।

মৌৰ বিয়ালৈ নগ’ল নেকি?
এইখন বিয়া যদি খোৱা নাই
আপুনি জীৱনত বিয়াই খোৱা নাই

শাৰীয়ে শাৰীয়ে চকী। আটকধুনীয়াকৈ সজোৱা টেবুল। খাদ্যত দেশী-বিদেশী আইটেম। কেশৱৰ বিয়াত ভৰি দিবলৈ ঠাই নোহোৱাকৈ মানুহ। দীঘলীয়া পেণ্ডেল। বহাই বহি খাইছে। থিয়ৈ থিয়ৈও খাইছে বহুতে। মাছ-মাংস সকলো আছে। সকলোৱে উদৰ পূৰাই খাইছে। কাৰণ মৰমৰ কেশৱ আৰু মৌৰ বিয়া।
বিয়া-বিতৰ্ক
কৰিমগঞ্জত অনুষ্ঠিত হোৱা এই বিয়াখনে এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। নহয়। তৰকাৰী সোৱাদ নোহোৱা, ৰসগোল্লা নিদিয়াক লৈ নহয়। বিতৰ্ক হৈছে বিবাহৰ স্থানক লৈ। কিবা বুজিছেনে। নকলে নুবুজিবও। কিছুদিন পূৰ্বে এন কে টিভিত সম্প্ৰচাৰিত ধুবুৰীৰ বাতৰিটো চাইছিলনে নাই। কিয় ধুবুৰীত যে জিলা পৰিষদৰ কাৰ্যালয়ত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান পাতিছিল। তাকেই দেখুওৱাৰ বাবে যে বিজেপি নেতাই গুণ্ডাগিৰি কৰিছিল।

ধুবুৰীৰ ঘটনাৰ পুনৰাবৃত্তি কৰিমগঞ্জত। কৰিমগঞ্জত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শুল্ক বিভাগৰ উপায়ুক্তৰ কাৰ্যালয়। কাৰ্যালয়ৰ দুৱাৰ খোলা। বাহিৰত মঙহৰ জুতি লৈছে কৰ্মচাৰীয়েও। গান বাজিছে। নচাই নাচিছে। উতসৱমুখৰ পৰিৱেশ। দৰা-কইনাক আশীৰ্বাদ দিছে সকলোৱে। কিন্তু কেনেকৈ হ’ব পাৰে! এইটো চৰকাৰী কাৰ্যালয়ত নিশা বিবাহ ভৱনলৈ পৰিণত হ’ল। ভিন্ন প্ৰান্তৰ পৰা মানুহ আহিল। নাচ-গানৰ মাজেৰে উলহ-মালহেৰে সকলোৱে বিয়া খালে। যিসকল কৰ্মচাৰী আছিল তেওঁলোকেও খালে। যিসকলে নিমন্ত্ৰণ নাপালে তেওঁলোকে আঁতৰৰ পৰাই খালী আচৰিত হৈ চালে। নিশা অভ্যৰ্থনা অনুষ্ঠিত হৈ গ’ল। পুৱাও পেণ্ডেল এনেকৈয়ে থাকিল। দিনৰ ভাগত উপস্থিত হ’লগৈ সাংবাদিক। তাৰ পাছত হাহাকাৰ। পেণ্ডেল খুলিব লাগে। এইসকল এইটো কাৰ্যালয়ৰে কৰ্মচাৰী। এতিয়া এওঁলোকৰ মাত নাই। কোনেও একো নকয়। কিন্তু ৰিচিপচনত এওঁলোকে খাইছিলো, নাচিছিলো।

এই ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া কৰিমগঞ্জত। কেনে কাণ্ড হৈছে এইবোৰ। ধিক্বাৰ দিছে ৰাইজে।
সকলোৰে খং। প্ৰথমে ধুবুৰীত জিলা পৰিষদৰ কাৰ্যালয়ত বিয়া হল। এইবাৰ কৰিমঞ্জত শুল্ক বিভাগৰ কাৰ্যালয়ত বিয়া। ৰাজীৱ ভৱনহে বিবাহ ভৱন হোৱাৰ কথা হৈছিল। এতিয়া কি দেখিছো এয়া। বহুতেই কৈছে বিজেপি চৰকৰাৰ দিনতহে দেখিছো এইবোৰ। চৰকাৰে এটা কাম কৰিব পাৰে। চৰকাৰী কাৰ্যালয়ত বিয়া পাতিব পৰা নতুন এখন আঁচনি। ভালেই লাগিব চৰকাৰী কাৰ্যালয়ত দৰা, কইনা আৰু নাচনী।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...