প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা, ২-৩ দিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰতিকূল বতৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত হঠাৎ সলনি হৈছে বতৰ। মঙলবাৰে পুৱা অহা এজাক বৰষুণৰ পিছতে গুৱাহাটীতো কৃত্ৰিম বানত হাহাকাৰ জনতাৰ। পৰীক্ষা দিবলৈ ওলাই আহি মাজৰাস্তাতে থমকি ৰ’বলগীয়া হ’ল বহুজন। কাৰ্যালয়লৈ যাবলৈ লৈও আধাবাটৰ পৰাই উভতিল বহুজন।

ইয়াৰ মাজতে আহিছে আন এক খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। ২-৩ দিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰতিকূল বতৰ। অসমৰ পশ্চিম-দক্ষিণ প্ৰান্তত অধিক বৰষুণৰ সম্ভাৱনা। গুৱাহাটীতো কেইবাদিন ধৰি মুকলি নহয় বতৰ। এইকেইদিনত গুৱাহাটীত ১১২.৫ মিলিলিটাৰ পৰ্যন্ত হ’ব বৰষুণ। অনাগত দিনত ৰাজ্যত ২০০ মিলিলিটাৰ পৰ্যন্ত হ’ব বৰষুণ। সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান। প্ৰয়োজন নহ’লে ঘৰৰ পৰা নোলাবলৈ আহ্বান। পাহাৰীয়া অঞ্চলৰ লোকক অধিক সতৰ্ক হোৱাৰ আহ্বান। দূৰণিবটীয়া অঞ্চলসমূহলৈ ওলাই নাযাবলৈ পৰামৰ্শ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...