প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা, ২-৩ দিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰতিকূল বতৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত হঠাৎ সলনি হৈছে বতৰ। মঙলবাৰে পুৱা অহা এজাক বৰষুণৰ পিছতে গুৱাহাটীতো কৃত্ৰিম বানত হাহাকাৰ জনতাৰ। পৰীক্ষা দিবলৈ ওলাই আহি মাজৰাস্তাতে থমকি ৰ’বলগীয়া হ’ল বহুজন। কাৰ্যালয়লৈ যাবলৈ লৈও আধাবাটৰ পৰাই উভতিল বহুজন।

ইয়াৰ মাজতে আহিছে আন এক খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। ২-৩ দিন ধৰি ৰাজ্যত অব্যাহত থাকিব প্ৰতিকূল বতৰ। অসমৰ পশ্চিম-দক্ষিণ প্ৰান্তত অধিক বৰষুণৰ সম্ভাৱনা। গুৱাহাটীতো কেইবাদিন ধৰি মুকলি নহয় বতৰ। এইকেইদিনত গুৱাহাটীত ১১২.৫ মিলিলিটাৰ পৰ্যন্ত হ’ব বৰষুণ। অনাগত দিনত ৰাজ্যত ২০০ মিলিলিটাৰ পৰ্যন্ত হ’ব বৰষুণ। সকলোকে সাৱধানতা অৱলম্বনৰ আহ্বান। প্ৰয়োজন নহ’লে ঘৰৰ পৰা নোলাবলৈ আহ্বান। পাহাৰীয়া অঞ্চলৰ লোকক অধিক সতৰ্ক হোৱাৰ আহ্বান। দূৰণিবটীয়া অঞ্চলসমূহলৈ ওলাই নাযাবলৈ পৰামৰ্শ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...