‘উড়তা পাঞ্জাৱ’ নহয়, এইবাৰ ‘উড়তা অসম’

  • উড়তা পাঞ্জাৱ নহয় উড়তা অসম
  • ২৭ কেজি হেৰ’ইন, ১৩ লাখ ৬ হাজাৰ টেবলেট, ১২ হাজাৰ ৮২৩ কেজি গাঞ্জা
  • দুমাহত জব্দ হ’ল বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ-নিচাযুক্ত সামগ্ৰী
  • ১১২১টা গোচৰ, ১৮৯৭জন গ্ৰেপ্তাৰ
  • ৪০০-৫০০ কোটি টকাৰ ড্ৰাগ্ছ ব্যৱসায় চলে অসমত
  • ড্ৰাগ্ছৰ বিৰুদ্ধে জিৰ’ টলাৰেন্স নীতি ঘোষণা মুখ্যমন্ত্ৰীৰ
  • আৰক্ষীলৈ গুলীয়ালে আৰক্ষীয়ে সমুচিত প্ৰত্যুত্তৰ দিব
  • মই চকীত থকালৈ ড্ৰাগ্ছৰ বিৰুদ্ধে অভিযান চলি থাকিব : হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৪ জুলাই, NKTV: ড্ৰাগ্ছ আসক্তৰ কাহিনীৰে নিৰ্মিত উড়তা পাঞ্জাৱৰ পৰিৱৰ্তে এতিয়া অসমত ড্ৰাগ্ছ আসক্ত ইমানে বাঢ়িছে যে এতিয়া উড়তা আছাম হৈ পৰিছে। বিধানসভাত অসমৰ ড্ৰাগ্ছ আসক্তৰ বিষয়ে বৰ্ণনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে জনালে কিমান ভয়ানক হাৰত ড্ৰাগ্ছৰ গ্ৰাসত পৰিছে অসমৰ একাংশ যুৱপ্ৰজন্ম। ড্ৰাগ্ছ, মৰফিন আদিৰ উপৰি অসমৰ যুৱপ্ৰজন্মই ব্যৱহাৰ কৰিছে সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা নিচাযু্ক্ত টেবলেট।

ড্ৰাগ্ছ বিৰোধী অভিযানত এইপৰ্যন্ত এজন নিহত হোৱাৰ লগতে ৭জন আহত হোৱা বুলি প্ৰকাশ কৰি কয় যে, তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি থকালৈকে ড্ৰাগ্ছৰ বিৰুদ্ধে শূন্য সহনশীলতা অব্যাহত থাকিব। এই পৰ্যন্ত জব্দ কৰা ড্ৰাগ্ছ, টেবলেটকে ধৰি সকলো নিচাযুক্ত দ্ৰব্যকে ধৰি সকলো সামগ্ৰী ১৭ আৰু ১৮ ডিচেম্বৰত ৰাজহুৱাভাৱে দাহ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

মুন গোস্বামীৰ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...