গুৰুগ্ৰামত অসমৰ দুজন লোকক হত্যাৰ গোচৰ CBIলৈ

গুৱাহাটী, ১৪ জুলাই, NKTV: নতুন দিল্লীৰ নিকটৱৰ্তী গুৰুগ্ৰামত অসমৰ দুগৰাকী ব্যক্তিক হত্যা কৰা গোচৰৰ CBI তদন্ত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৰুগ্ৰামৰ এখন হাস্পতালত বিগত মাহত ৰজি চাংমা নামৰ এগৰাকী অসমৰ মহিলাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। ICUত থকা মহিলাগৰাকীক আইচক্ৰীম খুৱাই মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ তুলিছিল ভতিজাক ছেমুৱেল চাংমাই। এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ যোৱা ছেমুৱেলক হাস্পতালতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ তুলিছিল। এই দুয়োটা ঘটনাক লে অসমৰ উপৰি মেঘালয় তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিষয়টো প্ৰধানমন্ত্ৰীৰো দৃষ্টিগোচৰ কৰিছিল। ইয়াৰ পিছতে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে CBI তদন্ত ঘোষণা কৰে। তদন্ত ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই তদন্তই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ আশংকা নিৰ্মূল কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...