ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থত জলাশয়সমূহৰ সংৰক্ষণৰ বাবে যিকোনো পদক্ষেপ গ্ৰহণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ : অশোক সিংহল

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে প্ৰাকৃতিক সৌন্দৰ্য্যৰ লীলাভূমি গোৱালপাৰা জিলাৰ উৰ্পদ বিল পৰিদৰ্শন কৰি বিলৰ চাৰিওকাষে নিৰ্মাণকাৰ্য চলি থকা থকা পদপথ আৰু চাইক্লিং ট্ৰেক নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। ২০২০-২১ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত এই প্ৰকল্পৰ কাম হাতত লোৱা হৈছে। বিলখনৰ সৌন্দৰ্য্যবৰ্দ্ধন কৰি ৰাজ্যখনৰ ভিতৰতে এখন আগশাৰীৰ পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ প্ৰচেষ্টা হাতত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা চহৰৰ পাৰ্শ্বৱৰ্তী আন এক আৰ্দ্ৰভূমি হাচিলা বিলো পৰিদৰ্শন কৰে। বিল চৌহদত উপস্থিত থকা স্থানীয় সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে জলাশয়সমূহ আমাৰ জীৱ বৈচিত্ৰ্যৰ অভিন্ন অংগ আৰু ভৱিষ্যৎ প্ৰজন্মৰ সম্পদ। সেয়েহে আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণ চৰকাৰৰ এক অন্যতম প্ৰধান দায়িত্ব আৰু উঠি অহা প্ৰজন্মৰ স্বাৰ্থত গোৱালপাৰা জিলাৰ এই দুয়োখন গুৰুত্বপূৰ্ণ বিল সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।

এই পৰিদৰ্শনৰ সময়ত গোৱালপাৰা জিলাৰ উপায়ুক্ত খনীন চৌধুৰী, এ পি ডি চি এলৰ সঞ্চালক ডঃ প্ৰকাশ কাশ্যপ, সমাজকৰ্মী ভৃগু ৰঞ্জন ৰাভাৰ লগতে বিল উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল, জিলা প্ৰশাসনৰ বিষয়াসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...