NCAৰ পৰৱৰ্তী মুৰব্বী হ’ব ভিভিএছ লক্ষ্মণ

ভাৰতৰ প্ৰাক্তন বেটছমেন ভিভিএছ লক্ষ্মণ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) পৰৱৰ্তী মুৰব্বী হ’ব, বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই দেওবাৰে নিশ্চিত কৰে। লক্ষ্মণে তেওঁৰ প্ৰাক্তন বেটিং সহকৰ্মী ৰাহুল দ্ৰাবিড়ৰ পৰা দায়িত্ব গ্ৰহণ কৰিব, যাক শেহতীয়াকৈ ৰবি শাস্ত্ৰীৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছিল।

বিচিচিআইৰ জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক কয়, “ভিভিএছ লক্ষ্মণ এনচিএৰ নতুন মুৰব্বী হ’ব। লক্ষ্মণে ইতিমধ্যে আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পৰামৰ্শদাতা হিচাপে তেওঁৰ দ্বায়িত্বৰ পৰা অব্যাহতি লৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...