C60 কমাণ্ডোৰ গুলীত নিহত দূধৰ্ষ মাওবাদী মিলিন্দ টেলটুম্বডে

নিম্ন পদবীৰ মুষ্টিমেয় কেইজনমান সশস্ত্ৰ মাওবাদীয়ে শনিবাৰে মাওবাদী কেন্দ্ৰীয় সমিতিৰ (চিচি) সদস্য মিলিন্দ টেলটুম্বডেক সুৰক্ষা দিবলৈ বৃথা চেষ্টা কৰি কমাণ্ডোৰ গুলীত নিহত হৈছিল। মিলিন্দ টেলটুম্বডে সংগঠনটোৰ এনে এজন নেতা আছিল, যাৰ সন্ধান দিওতালৈ চৰকাৰে ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। টেলটুম্বডেৰ বিৰুদ্ধে ৬৩টাতকৈও অধিক অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছিল। মহাৰাষ্ট্ৰ-ছত্তীশগড় সীমান্তৰ ওচৰৰ ধানোৰা মহকুমাৰ মাৰ্ডিণ্টোলাৰ বনাঞ্চলত তেওঁলোকৰ অন্তিম স্থিতিয়ে আন কিছুমান শীৰ্ষ কেডাৰকো পলাই যোৱাত সহায় কৰিছিল।

নিহত ২৬টা মাওবাদীৰ ভিতৰত আছিল মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ-ছত্তীশগড় অঞ্চলৰ ভাৰপ্ৰাপ্ত টেলটুম্বডে। মৃতসকলৰ ভিতৰত ৬ গৰাকী মহিলা আছিল, যাৰ ভিতৰত আছিল ভিমলা ওৰফে ইমলা, যি টেলটুম্বডেৰ দেহৰক্ষী আছিল। তেওঁৰ আন এজন দেহৰক্ষী ভগত সিঙকো মৃত অৱস্থাত পোৱা গৈছিল। প্ৰায় ১০ ঘণ্টা ধৰি C60 কমাণ্ডোৰ সৈতে চলিছিল সংঘৰ্ষ। উল্লেখ্য যে, এই এনকাউণ্টাৰটোত চাৰিজন C60 কমাণ্ডো জোৱান আহত হৈছিল, কিন্তু তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...