C60 কমাণ্ডোৰ গুলীত নিহত দূধৰ্ষ মাওবাদী মিলিন্দ টেলটুম্বডে

নিম্ন পদবীৰ মুষ্টিমেয় কেইজনমান সশস্ত্ৰ মাওবাদীয়ে শনিবাৰে মাওবাদী কেন্দ্ৰীয় সমিতিৰ (চিচি) সদস্য মিলিন্দ টেলটুম্বডেক সুৰক্ষা দিবলৈ বৃথা চেষ্টা কৰি কমাণ্ডোৰ গুলীত নিহত হৈছিল। মিলিন্দ টেলটুম্বডে সংগঠনটোৰ এনে এজন নেতা আছিল, যাৰ সন্ধান দিওতালৈ চৰকাৰে ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। টেলটুম্বডেৰ বিৰুদ্ধে ৬৩টাতকৈও অধিক অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছিল। মহাৰাষ্ট্ৰ-ছত্তীশগড় সীমান্তৰ ওচৰৰ ধানোৰা মহকুমাৰ মাৰ্ডিণ্টোলাৰ বনাঞ্চলত তেওঁলোকৰ অন্তিম স্থিতিয়ে আন কিছুমান শীৰ্ষ কেডাৰকো পলাই যোৱাত সহায় কৰিছিল।

নিহত ২৬টা মাওবাদীৰ ভিতৰত আছিল মহাৰাষ্ট্ৰ-মধ্য প্ৰদেশ-ছত্তীশগড় অঞ্চলৰ ভাৰপ্ৰাপ্ত টেলটুম্বডে। মৃতসকলৰ ভিতৰত ৬ গৰাকী মহিলা আছিল, যাৰ ভিতৰত আছিল ভিমলা ওৰফে ইমলা, যি টেলটুম্বডেৰ দেহৰক্ষী আছিল। তেওঁৰ আন এজন দেহৰক্ষী ভগত সিঙকো মৃত অৱস্থাত পোৱা গৈছিল। প্ৰায় ১০ ঘণ্টা ধৰি C60 কমাণ্ডোৰ সৈতে চলিছিল সংঘৰ্ষ। উল্লেখ্য যে, এই এনকাউণ্টাৰটোত চাৰিজন C60 কমাণ্ডো জোৱান আহত হৈছিল, কিন্তু তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিব পৰা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...