ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত বঙাইগাঁও কলেজত সজাগতা সভা

বঙাইগাঁও নিৰ্বাচনী জিলাত ফটোযুক্ত ভোটাৰ তালিকাত যুৱক-যুৱতীসকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ সম্পৰ্কত বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এই উপলক্ষে আজি বঙাইগাঁও কলেজত অধ্যক্ষা ড° ৰূপাঞ্জলী দেৱী আৰু আন কেবাগৰাকী অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যিসকল যুৱক-যুৱতীৰ ইতিমধ্যে ১৮ বছৰ বয়স হৈছে অথবা ২০২২ৰ ১ জানুৱাৰী তাৰিখে ১৮বছৰ সম্পূৰ্ণ হ’ব তেওঁলোকক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সজাগ কৰাৰ উদ্দেশ্যে আজিৰ এই সজাগতা অভিযান অনুষ্ঠিত কৰা হৈছে। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি জনপ্ৰতিনিধি নিৰ্বাচনত অংশগ্ৰহণ কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য।

আজিৰ এই সজাগতা কাৰ্যসূচী Special Summery Revision of Photo Electoral Roll 2022 অথবা ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী, ২০২২ৰ অংশ হিচাপে অনুষ্ঠিত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল বা ভৱিষ্যতৰ ভোটাৰসকলক NVSP portal বা Voter Helpline app.ৰ বিষয়েও আজি অৱগত কৰা হয় যাতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰে। অহা ১৩,১৪,২১ আৰু ২৭ নৱেম্বৰ তাৰিখেও অনুৰূপ সজাগতা কাৰ্যসূচী জিলাখনত অনুষ্ঠিত কৰা হ’ব। বঙাইগাঁৱৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱা বা অহা ১ জানুৱাৰী তাৰিখে যিসকলৰ ১৮ বছৰ সম্পূৰ্ণ হ’ব সেইসকল যুৱক-যুৱতীক ৩০ নৱেম্বৰ তাৰিখৰ ভিতৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে।

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...