ভাৰত-নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ

তেওঁ আহিলে, তেওঁ খেলিলে, তেওঁ জয়ী কৰিলে
গঢ়িলে অভিলেখ, জিনিলে অজস্ৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয়
ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ
এদিনীয়াত শতকৰ অৰ্ধশতক সম্পন্ন বিৰাট কোহলিৰ
বিশ্ব অভিলেখেৰে নিজৰ নাম লিখিলে বিশ্ব ক্ৰিকেটত


ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ লগতে সকলো ক্ৰিকেট অনুৰাগী প্ৰতীক্ষাত আছিল সেই বিৰল মুহূৰ্তৰ আগমনৰ। ৱাংখেড়েত উপস্থিত আছিল স্বয়ং ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। সৰ্বাধিক ৪৯টা শতকেৰে তেণ্ডুলকাৰৰ সৈতে একে স্থানত বহি আছিল বিৰাট কোহলি। শচীন তেণ্ডুলকাৰ তেওঁৰ অনুপ্ৰেৰণাৰ উৎস। শচীনক অনুকৰণ কৰিয়েই ক্ৰিকেটৰ পথাৰত প্ৰৱেশ বিৰাটৰ। শচীনৰ পিছে পিছে গৈ এদিনীয়া ক্ৰিকেটত তেওঁৰ মাষ্টাৰৰ অভিলেখ অতিক্ৰম কৰিলে।

শতক কোবোৱাৰ লগে লগে খেলপথাৰতে মাষ্টাৰ ব্লাষ্টাৰৰ প্ৰতি কৰিলে শিৰনত
প্ৰত্যুত্তৰত তেণ্ডুলকাৰেও হাত জোকাৰি জনালে অভিনন্দন
ৱাংখেড়েত তেতিয়া বৈছিল আনন্দৰ বন্যা
এদিনীয়াত ৫০তম শতকৰ বাবে তেওঁৰ প্ৰয়োজন মাথোঁ ২৭৯টা ইনিংছৰ


এই অভিলেখৰ পথত বিৰাটে গঢ়িলে আন কেইবাটাও অভিলেখ। পৰিসংখ্যাই দেখুৱাইছে এদিনীয়া ক্ৰিকেটত ঘৰৰ মাটিতে হওক বা বিদেশৰ ভূমিতে হওক অপ্ৰতিৰোধ্য বিৰাট কোহলি। কেতিয়াবা ব্যতিক্ৰম হ’লেও সেয়া আছিল ক্ষণস্থায়ী।

দেশৰ মাটিত ১২১খন এদিনীয়া খেলি বিৰাটে কৰিছে ৬,২১৪ ৰান
বিৰাটৰ গড় হৈছে ৬০.৯২, ষ্ট্ৰাইক ৰে’ট ৯৬.৮০
তেওঁৰ ৫০টা শতক ২৪টাই কৰিছে দেশৰ মাটিত, আছে ৩২টা অৰ্ধশতকো
এতিয়ালৈকে বাউণ্ডেৰী কোবাইছে ৫৯০টা, ছিক্সাৰ মাৰিছে ৭৮টা


ইফালে ঘৰৰ দৰেই বিদেশৰ মাটিতো সাফল্য প্ৰদৰ্শন কৰিছে বিৰাটৰ বেটে।
বিদেশৰ ভূমিত বিৰাটে ১৭০খন এদিনীয়াত কৰিছে ৭,৫৮০ ৰান
গড় হৈছে ৫৬.৯৯, ষ্ট্ৰাইক ৰে’ট ৯১.১৬
বিদেশত কোহলিয়ে কৰিছে ২৬টা শতক, ৩৯টা অৰ্ধশতক
বিশ্বকাপত কোহলিয়ে কৰিলে আৰু কেইবাটাও অভিলেখ


বিশ্বকাপত এতিয়ালৈকে ৭১১ ৰান কৰি সৰ্বাধিক ৰানৰ অভিলেখ
তেণ্ডুলকাৰে ২০০৩ চনত কৰিছিল হৈ সৰ্বাধিক ৬৭৩ ৰান
এখন বিশ্বকাপত সৰ্বাধিক ৮টা অৰ্ধশতকৰ অভিলেখ কোহলিৰ
এদিনীয়াত ১৩,৭৯৬ ৰানেৰে সৰ্বাধিক ৰানৰ তালিকাত ৩য় স্থানত
বিৰাট কোহলিৰ আগত আছে শচীন তেণ্ডুলকাৰ, কুমাৰ চাংগাকাৰা


ইফালে বুধবাৰৰ খেলখনত ৰোহিত শৰ্মায়ো কৰে আন এক বিৰল অভিলেখ।

এদিনীয়াত সৰ্বাধিক ৫১টা ছিক্সাৰৰ কোবোৱাৰ বিশ্ব অভিলেখ ৰোহিতৰ
বিশ্বকাপতো সৰ্বাধিক ২৮টা ছিক্সাৰৰ আন এক অভিলেখ ভাৰতীয় অধিনায়কৰ


এইদৰেই বিৰাটৰ বিৰাট অভিলেখ আৰু মহম্মদ ছামিৰ বিধ্বংসী বলিঙৰ সহায়ত ভাৰতে নিউজীলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত পদাৰ্পণ কৰিছে। অনাগত দিনত কোহলিৰ বেটৰ পৰা আৰু অধিক বিস্ফোৰণ আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতত প্ৰথমটো শ্ব’ৰুমৰ বাবে চুক্তি স্বাক্ষৰ টেছলাৰ

মুম্বাইত আমদানিকৃত গাড়ী বিক্ৰীৰ পৰিকল্পনা আমেৰিকাৰ বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানী...

অসমৰ সংৰক্ষিত বনাঞ্চলত ব্যাপক বেদখল : ২০২১ৰ পৰা ১০,৯০৫ হেক্টৰতকৈ অধিক মাটি উদ্ধাৰ

অসমত বৰ্তমান ৩২৩খন সংৰক্ষিত আৰু ১৩৪খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল...

ৰাজ্যৰ ৬খন জিলাৰ স্বাস্থ্যখণ্ডৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত প্ৰতি মাহতে অন্ততঃ এবাৰ বিধানসভা...

হিন্দী একমাত্ৰ ৰাজভাষাই নহয়, হিন্দী সকলো ভাৰতীয়ৰ অন্তৰৰ ভাষা: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰস্থিত মেফেয়াৰ ৰিজৰ্টত...