ভাৰত-নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ

তেওঁ আহিলে, তেওঁ খেলিলে, তেওঁ জয়ী কৰিলে
গঢ়িলে অভিলেখ, জিনিলে অজস্ৰ ক্ৰিকেটপ্ৰেমীৰ হৃদয়
ভাৰত বনাম নিউজীলেণ্ডৰ ছেমি ফাইনেলত ৱাংখেড়ে সাক্ষী হ’ল ‘বিৰাট’-ৰাজৰ
এদিনীয়াত শতকৰ অৰ্ধশতক সম্পন্ন বিৰাট কোহলিৰ
বিশ্ব অভিলেখেৰে নিজৰ নাম লিখিলে বিশ্ব ক্ৰিকেটত


ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ লগতে সকলো ক্ৰিকেট অনুৰাগী প্ৰতীক্ষাত আছিল সেই বিৰল মুহূৰ্তৰ আগমনৰ। ৱাংখেড়েত উপস্থিত আছিল স্বয়ং ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। সৰ্বাধিক ৪৯টা শতকেৰে তেণ্ডুলকাৰৰ সৈতে একে স্থানত বহি আছিল বিৰাট কোহলি। শচীন তেণ্ডুলকাৰ তেওঁৰ অনুপ্ৰেৰণাৰ উৎস। শচীনক অনুকৰণ কৰিয়েই ক্ৰিকেটৰ পথাৰত প্ৰৱেশ বিৰাটৰ। শচীনৰ পিছে পিছে গৈ এদিনীয়া ক্ৰিকেটত তেওঁৰ মাষ্টাৰৰ অভিলেখ অতিক্ৰম কৰিলে।

শতক কোবোৱাৰ লগে লগে খেলপথাৰতে মাষ্টাৰ ব্লাষ্টাৰৰ প্ৰতি কৰিলে শিৰনত
প্ৰত্যুত্তৰত তেণ্ডুলকাৰেও হাত জোকাৰি জনালে অভিনন্দন
ৱাংখেড়েত তেতিয়া বৈছিল আনন্দৰ বন্যা
এদিনীয়াত ৫০তম শতকৰ বাবে তেওঁৰ প্ৰয়োজন মাথোঁ ২৭৯টা ইনিংছৰ


এই অভিলেখৰ পথত বিৰাটে গঢ়িলে আন কেইবাটাও অভিলেখ। পৰিসংখ্যাই দেখুৱাইছে এদিনীয়া ক্ৰিকেটত ঘৰৰ মাটিতে হওক বা বিদেশৰ ভূমিতে হওক অপ্ৰতিৰোধ্য বিৰাট কোহলি। কেতিয়াবা ব্যতিক্ৰম হ’লেও সেয়া আছিল ক্ষণস্থায়ী।

দেশৰ মাটিত ১২১খন এদিনীয়া খেলি বিৰাটে কৰিছে ৬,২১৪ ৰান
বিৰাটৰ গড় হৈছে ৬০.৯২, ষ্ট্ৰাইক ৰে’ট ৯৬.৮০
তেওঁৰ ৫০টা শতক ২৪টাই কৰিছে দেশৰ মাটিত, আছে ৩২টা অৰ্ধশতকো
এতিয়ালৈকে বাউণ্ডেৰী কোবাইছে ৫৯০টা, ছিক্সাৰ মাৰিছে ৭৮টা


ইফালে ঘৰৰ দৰেই বিদেশৰ মাটিতো সাফল্য প্ৰদৰ্শন কৰিছে বিৰাটৰ বেটে।
বিদেশৰ ভূমিত বিৰাটে ১৭০খন এদিনীয়াত কৰিছে ৭,৫৮০ ৰান
গড় হৈছে ৫৬.৯৯, ষ্ট্ৰাইক ৰে’ট ৯১.১৬
বিদেশত কোহলিয়ে কৰিছে ২৬টা শতক, ৩৯টা অৰ্ধশতক
বিশ্বকাপত কোহলিয়ে কৰিলে আৰু কেইবাটাও অভিলেখ


বিশ্বকাপত এতিয়ালৈকে ৭১১ ৰান কৰি সৰ্বাধিক ৰানৰ অভিলেখ
তেণ্ডুলকাৰে ২০০৩ চনত কৰিছিল হৈ সৰ্বাধিক ৬৭৩ ৰান
এখন বিশ্বকাপত সৰ্বাধিক ৮টা অৰ্ধশতকৰ অভিলেখ কোহলিৰ
এদিনীয়াত ১৩,৭৯৬ ৰানেৰে সৰ্বাধিক ৰানৰ তালিকাত ৩য় স্থানত
বিৰাট কোহলিৰ আগত আছে শচীন তেণ্ডুলকাৰ, কুমাৰ চাংগাকাৰা


ইফালে বুধবাৰৰ খেলখনত ৰোহিত শৰ্মায়ো কৰে আন এক বিৰল অভিলেখ।

এদিনীয়াত সৰ্বাধিক ৫১টা ছিক্সাৰৰ কোবোৱাৰ বিশ্ব অভিলেখ ৰোহিতৰ
বিশ্বকাপতো সৰ্বাধিক ২৮টা ছিক্সাৰৰ আন এক অভিলেখ ভাৰতীয় অধিনায়কৰ


এইদৰেই বিৰাটৰ বিৰাট অভিলেখ আৰু মহম্মদ ছামিৰ বিধ্বংসী বলিঙৰ সহায়ত ভাৰতে নিউজীলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত পদাৰ্পণ কৰিছে। অনাগত দিনত কোহলিৰ বেটৰ পৰা আৰু অধিক বিস্ফোৰণ আশা কৰিছে ক্ৰিকেট অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...