বিৰাট কোহলিৰ হোটেলৰ কোঠাত সোমোৱা কোন এইজন লোক?

T20 বিশ্বকাপ অব্যাহত থকাৰ মাজতে আন এক ঘটনাৰ বাবে চৰ্চিত হৈছে বিৰাট কোহলি। ইণ্ডিয়ান বেটাৰজনে সোমবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ভিডিঅটো শ্বেয়াৰ কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে তাৰকা ক্ৰিকেটাৰজনে। কোহলিয়ে লিখিছে- মই বুজি পাওঁ যে অনুৰাগীয়ে নিজৰ প্ৰিয় খেলুৱৈজনক লৈ যথেষ্ট সচেতন হৈ থাকে, লগতে সদায়ে উত্সুক হৈ থাকে। নিজৰ আটাইতকৈ প্ৰিয় খেলুৱৈজনক লগ পাবলৈ উদগ্ৰীৱ হৈ থাকে অনুৰাগীৰ এই কথা বুজি পাওঁ আৰু সদায়ে প্ৰশংসা কৰি আহিছো। কিন্তু এই ভিডিঅ’টো ভয়ংকৰ আৰু ই মোৰ গোপনীয়তাক লৈ অতি অস্বস্তি অনুভৱ কৰাইছে৷ যদি মই নিজৰ হোটেল ৰুমতে ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰিব নোৱাৰো, তেন্তে নিজৰ ব্যক্তিগত গোপনীয়তা ক’ত পাম? এই ধৰণৰ কাৰ্যক লৈ মই কোনো কাৰণতে সন্তুষ্ট নহয়। এয়া গোপনীয়াৰ চৰম অনুপ্ৰৱেশ। বিনোদনৰ আহিলা ৰূপে ব্যৱহাৰ নকৰিব, প্ৰতিজন লোকৰ গোপনীয়তাক সন্মান কৰা উচিত।

বিৰাট কোহলিৰ এই পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বহু তাৰকা ক্ৰিকেটাৰে এই ঘটনাৰ গৰিহণা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...