‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ পাছৰেপৰা বহু সন্ন্যাসীৰ নাম চর্চালৈ আহিছে। ভিন্ন ৰূপ ধাৰণ কৰা বাবাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। ছ’চিয়েল মিডিয়াত অধিক চর্চা লাভ লৰা বাবাজন হৈছে আই আই বোম্বেত শিক্ষাগ্রহণ কৰা এৰ’স্পেচ ইঞ্জিনীয়াৰ অভয় সিং গিৰেৱাল ওৰফে ‘আই আই টিয়ান বাবা।’ ইনষ্টাগ্রামত ডেৰ লক্ষাধিক ফল’ৱাৰ্ছ থকা অভয় সিঙে নিজৰ এটা ইনষ্টা ৰীলত পিতৃক হিৰণ্যকশিপুৰৰ লগত তুলনা কৰিছিল। লক্ষণীয় যে, অভয় সিঙৰ পিতৃ কৰণ গিৰেৱাল হাৰিয়ানাৰ এগৰাকী অধিবক্তা। অভয় সিঙে আই আই টি বোম্বেৰ পৰা শিক্ষাগ্রহণ কৰি কানাডাত মাহে ৩ লাখ টকাৰ দৰমহাৰ চাকৰি কৰিছিল। কিন্তু পাৰিবাৰিক অশান্তিৰ বাবে ঘৰ ত্যাগ কৰা অভয় সিঙে কানাডাতো হতাশাৰ সন্মুখীন হ’বলগীয়া হৈছিল। যাৰ বাবে অভয় সিঙে বিদেশৰপৰা ঘূৰি আহি ধৰ্মৰ প্রতি আকৃষ্ট হয়। সম্প্রতি মহাকুম্ভ মেলালৈ আহি চর্চিত হৈ পৰা ‘আই আই টিয়ান বাবা’ক পুনৰ ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে পিতৃ কৰণ গিৰেৱালে। অৱশ্যে পিতৃৰ আহ্বান সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই অভয় সিং গিৰেৱাল ওৰফে আই আই টিয়ান বাবাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...