গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক। বনভোজ খাবলৈ গৈ গো মাংস কাটি সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল কৰিছিল যুৱককেইজনে। ঘটনা সন্দৰ্ভত হাতীগাওঁ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ। সেই গোচৰৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। কামৰূপ আৰক্ষীৰ সহযোগত ছয়গাঁৱৰ আছলপাৰাৰ পৰা আটক কৰা হয় ৬ জনকৈ যুৱকক। ধৃত যুৱককেইজন ক্ৰমে চাহিল খান, হাফিজুৰ ইছলাম, ৰকিবুল হুছেইন, চাহিদুল ইছলাম, ইজাজ খান আৰু জাহিদুল ইছলাম। কামৰূপৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ সৈতে আৰু অধিক ব্যক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আৰক্ষীৰ জেৰাৰ পিছতহে পোহৰলৈ আহিব অধিক তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...