আহত অৱস্থাতো ছেইফ আলী খানে কোঠাত আবদ্ধ কৰি ৰাখিছিল আক্ৰমণকাৰীক

ডকাইতিৰ উদ্দেশ্যে অভিনেতা ছেইফ আলী খানৰ বাসভৱনত প্রৱেশ কৰি অভিনেতাগৰাকীক আক্রমণ চলোৱা বাংলাদেশী নাগৰিক শ্বৰিফুল ইছলাম শ্বেহজাদক আহত অৱস্থাত এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল অভিনেতাগৰাকীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে পাছত এই আক্রমণকাৰীজনে এয়ান কণ্ডিচনাৰৰ পাইপৰ সহায়ত পলায়ন কৰিবলৈ সক্ষম হয়। আক্রমণকাৰী শ্বৰিফুলে প্রথমে হাওৰালৈ গৈ বাংলাদেশলৈ পলায়নৰ কথা ভাবিছিল যদিও ট্রেভেল এজেন্টে এনেদৰে পলায়নৰ সুবিধা কৰি দিবলৈ অধিক ধন বিচৰাত আক্রমণকাৰীজনে থানেত আত্মগোপন কৰে। আৰক্ষীয়ে থানেৰ পৰা গ্রেপ্তাৰ কৰা এই বাংলাদেশী লোকজনক সুবিধা কৰি দিয়া ট্রেভেল এজেন্টৰ সন্ধানত অভিযান আৰম্ভ কৰি দিছে। হাইপ্রফাইল এই গোচৰৰ অনুসন্ধানত জড়িত আৰক্ষীয়ে আক্রমণকাৰীজনে যোগাযোগ কৰা সকলো ট্রেভেল এজেন্টৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰাৰ কথা সদৰী কৰে। উল্লেখ্য যে, অভিনেতাগৰাকীক বাংলাদেশী লোকজনে ছবাৰকৈ ছুৰীৰে আঘাত কৰাৰ পাছত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল আৰু মঙলবাৰে তেওঁ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহে। ইফালে মুম্বাই আৰক্ষীয়ে মঙলবাৰে পুৱাৰ ভাগত উক্ত আক্ৰমণৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰে। শ্বৰীফুলে অভিনেতাগৰাকীৰ বাদ্ৰাৰ বাসভবনত আক্রমণৰ দৃশ্যৰ পুনৰাবৃত্তিত অংশ লোৱাৰ সময়ত আৰক্ষীয়ে আক্রমণকাৰীজনে দেৱাল বগাই অভিনেতাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ তথ্য সদৰী কৰে। সেই সময়ত বাসভৱনৰ নিৰাপত্তাৰক্ষী টোপনিত আছিল।

শ্বৰীফুলে ঘৰৰ পিছফালৰ চিৰিৰে উঠি এয়াৰ কণ্ডিচনাৰৰ পাইপৰ সহায়ত অভিনেতাগৰাকীৰ বাথৰুমৰ খিৰিকীৰে তেওঁৰ ঘৰত প্রৱেশ কৰিছিল। শ্বৰীফুলে আৰক্ষীক জনোৱা মতে তেওঁ ডকাইতিৰ উদ্দেশ্যে প্রৱেশ কৰাৰ সময়ত জোতা খুলি লোৱাৰ লগতে ফোন বন্ধ কৰি ৰাখিছিল। অভিনেতাগৰাকীক আক্রমণ কৰাৰ পাছত তেওঁক আহত অৱস্থাত থকা খানে এটা কোঠাত আবদ্ধ কৰি ৰাখে যদিও শ্বৰিফুলে পুনৰ এয়াৰকণ্ডিচনাৰৰ পাইপৰ জৰিয়তে পলাবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...