আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ যাদুৱে মোহিলে দেশবাসীক। এসময়ত মহেশৰ ৰথমেলাত বনৰীয়া ফুলৰ মালা বিক্ৰী কৰিবলৈ গৈছিল ৰাধাৰাণী নামৰ এগৰাকী যুৱতী। মালাৰ দাম আছিল মাত্ৰ ১পইচা। মেলাত হঠাৎ অহা এজাক বৰষুণে সলনি কৰিছিল ৰাধাৰাণীৰ জীৱন। বৰষুণৰ মাজত বিশৃংখল এক পৰিৱেশত তিতি-বুৰি জুৰুলি-জুপুৰি হোৱা ৰাধাৰাণীৰ সৌন্দৰ্যই আকৰ্ষণ কৰিছিল বংকিমচন্দ্ৰ চট্টোপাধ্যায়ক। পৰৱৰ্তী সময়ত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে নায়িকা বনালে ৰাধাৰাণীক।

প্ৰায় ১৩৯ বছৰৰ পাছত আন এখন মেলাত প্ৰায় একেই সংযোগ। মহেশৰ পৰা প্ৰায় সাত-আঠশ কিলোমিটাৰ দূৰত, এলাহাবাদৰ মহাকুম্ভ মেলাত মালা বিক্ৰেতা মনালিছাক লৈ দেশজুৰি চৰ্চা।

১৫০৩ৰ পৰা ২০২৫। সলনি হৈছে কেৱল বাহ্যিক ৰূপ। লিওনাৰ্ডো দা ভিঞ্চিৰ মনালিছাৰ দৰেই কুম্ভ মেলাত মালা বিক্ৰেতা মনালিছাৰ দুনয়ন।

মনালিছাৰ চকুযোৰে মুগ্ধ কৰিছে দেশবাসীক। মনালিছাৰ পিছে-পিছে অগণন সাংবাদিকৰ ভিৰ লাগিছে। সামজিক মাধ্যমতো চৰ্চা কেন্দ্ৰবিন্দু হৈছে মনালিছা। একাংশই দাবী কৰিছে যে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা মনালিছালৈ আহিছে ফোন। আল্লু অৰ্জুনৰ জনপ্ৰিয় ছিকুৱেল ‘পুষ্পা 3’ত নায়িকা হিচাপে বিচৰা হৈছে মনালিছাক।

মনালিছা নিৰক্ষৰ জীৱনক লৈ মনালিছাৰ নাই কোনো আক্ষেপ। পিতৃ-মাতৃ, ভাই-ভনীৰে এটা ডাঙৰ পৰিয়াল আছে মনালিছাৰ। ছোৱালীগৰাকীৰ সহজ যুক্তি, “মই বহিঃৰাজ্যলৈ গ’লে মোৰ মা-দেউতাক কোনে চোৱা-চিতা কৰিব? তেওঁলোকক কোনে খুৱাব-পিন্ধাব? বিগত কিছুবছৰে পৰিয়ালটোৰ পেটৰ তাড়নাতে কুম্ভমেলালৈ আহি আছে মনালিছা। শিলেৰে তৈয়াৰী বিভিন্ন ধৰণৰ মালা বিক্ৰী কৰে মনালিছাই। এইবাৰ কিন্তু মনালিছাৰ মালাতকৈ মনালিছাৰ চকুযুৰিয়েহে অধিক মুহিলে কুম্ভমেলাত সমৱেত হোৱা লোকসকলক। সফলতাই স্পৰ্শ কৰিব বিচাৰিছে মনালিছাৰ জীৱনটো। নতুন সাজ-পোছাকত দেখা পোৱা গৈছে তন্বি যুৱতীগৰাকীক। মনালিছাৰ নতুন ‘লুকে’ মোহিত কৰিছে অনুৰাগীক। শীঘ্ৰেই নিজৰ পাৰিবাৰিক পেছা এৰি ৰূপালী পৰ্দাত খোজ দিব পাৰে মনালিছাই। আগন্তুক সময়ত আল্লু অৰ্জুনৰ ছবিৰ নায়িকাও হ’ব পাৰে মনালিছা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...