মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰৰ দেহাৱসান

মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰৰ দেহাৱসান। ৮৫ বছৰ বয়সত পৰলোক প্ৰাপ্তি সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ। পুৱা ৭ বজাত যোৰহাট মেডিকেল কলেজত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত মহন্তৰ দুবছৰ পূৰ্বে স্বাস্থ্যৰ অৱনতি ঘটিছিল। প্ৰায় এবছৰ ধৰি JMCHত চিকিৎসাধীন হৈ আছিল ললিত চন্দ্ৰ মহন্ত। প্ৰয়াত মহন্ত এগৰাকী মুখাশিল্পীৰ লগতে আছিল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। ২০২০ চনত সত্ৰাধিকাৰ হিচাপে নিৰ্মালী গ্ৰহণ কৰিছিল মহন্তই। সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাজুলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...